অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি, শুচিস্মিতা চক্ৰৱৰ্তীৰ দ্বিমুকুট অৰ্জন

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ উদ্যোগত তথা বেডমিণ্টন এছ’ছিয়েছন অব ইণ্ডিয়া [বাই]ৰ সহযোগত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত শুচিস্মিতা চক্ৰৱৰ্তীয়ে দ্বিমুকুট অৰ্জন কৰে৷

মঙলবাৰে নিশা হোৱা ফাইনেলত জয়ৰে শুচিস্মিতাই ১৭ আৰু ১৯ বছৰ অনূধ্বৰ্ ছোৱালীৰ একক শাখাৰ খিতাপ অৰ্জন কৰে৷ ১৯ বছৰ অনূধ্বৰ্ৰ ফাইনেলত তেওঁ ফাৰিহা ছাবা মেৰাজক পৰাস্ত কৰাৰ বিপৰীতে ১৭ বছৰ অনূধ্বৰ্ৰ খিতাপৰ যুঁজত সোহানশ্বিনী ৰয় চৌধুৰীক হৰুৱায়৷ ১৯ বছৰ অনূধ্বৰ্ৰ ব্ৰঞ্জৰ পদক কৃতিকা তামুলি আৰু বৃষ্টিনা বলাৰি ৰাজখোৱাই লাভ কৰাৰ বিপৰীতে বৃষ্টিনা আৰু ভমিকা কাশ্যপে ১৭ বছৰ অনূধ্বৰ্ৰ ব্ৰঞ্জ অৰ্জন কৰে৷

ইফালে, ছিনিয়ৰ মহিলাৰ একক শাখাত ঋকসিতা চলিহা চেম্পিয়ন হয়৷ ৰূপৰ পদক ফাৰিহা ছাবা মেৰাজে তথা ময়ুৰী বৰ্মন আৰু দিশা শৰ্মাই ব্ৰঞ্জ অৰ্জন কৰে৷ মুঠ নব্বৈ হেজাৰ টকা প্ৰাইজমানি থকা প্ৰতিযোগিতাখনত তিনিওটা শাখাৰ চেম্পিয়নে দহ হেজাৰকৈ, ৰূপৰ পদক জয়ী শ্বাটলাৰে আঠ হেজাৰকৈ তথা ব্ৰঞ্জ পদক লাভ কৰা উভয় খেলুৱৈয়ে ছয় হেজাৰ টকাকৈ লাভ কৰে৷

খেলৰ অন্তত হোৱা সামৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটা বিতৰণ কৰে অসম বেডমিণ্টন সন্থাৰ সম্পাদক তথা এছিয়া বেডমিণ্টনৰ টেকনিকেল কমিটীৰ বিষয়া ওমৰ ৰছিদ আৰু ছাইৰ এইছ পি এম [বেডমিণ্টন] তুষাৰ কন্দিলালে৷ অনুষ্ঠানত ৰাজ্যিক সন্থাটোৰ দুই জ্যেষ্ঠ উপ সভাপতি এল হেমন্ত সিং, বদন চন্দ্ৰ বৰা আৰু কাৰ্যালয় সচিব উপেন চক্ৰৱৰ্তী উপস্থিত থাকে৷

উল্লেখ্য যে দেশৰ মহিলা খেলুৱৈৰ উত্তৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান বিভাগে গ্ৰহণ কৰা এক অভিলাসী আচনি অনুসৰি ইতিমধ্যে কেবাবিধো অলিম্পিক খেলৰ প্ৰাইজমানি অস্মিতা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ছাই আৰু বাইৰ যৌথ উদ্যোগত দেশৰ তিনিখন চহৰত বেডমিণ্টনৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ চত্তিছগড়ৰ ৰায়পুৰ আৰু ঝাৰখণ্ডৰ জামছেদপুৰৰ পাছত প্ৰথমবাৰৰ বাবে অসমতো প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ল৷ মহিলাৰ তিনিটা বয়স বিভাগত কেবল একক শাখাত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...