মণিপুৰত উদ্ধাৰ দীৰ্ঘ দূৰত্বৰ থলুৱা ৰকেট, ৪০ কেজি বিস্ফোৰক, আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ!

মণিপুৰত উদ্ধাৰ ৪০ কেজি বিস্ফোৰক আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ! মঙলবাৰে গভীৰ নিশা মণিপুৰৰ ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত অভিযান চলাই এই বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়। কাংপোকপি জিলাতো এই অভিযান চলোৱা হয়। মণিপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি চুৰাচান্দপুৰৰ গেলমাল গাঁৱৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে প্ৰায় ৪০ কেজি বিস্ফোৰকসহ এটা দীৰ্ঘ দূৰত্বৰ ৰকেট, বহু বেটাৰী আৰু বিস্ফোৰক মিশ্ৰণৰ বাবে পাঁচটা বালিৰ মোনা। মণিপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত জব্দ কৰা সকলো অস্ত্ৰ-শস্ত্ৰৰ ছবি প্ৰকাশ কৰে।

আৰু জানিব পৰা মতে, কেৱল চুৰাচান্দপুৰৰ পৰাই নহয়, কাংপোকপি জিলাৰ গেলবাঙৰ বনাঞ্চলৰ পৰাও বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে। কাংপকপিৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা চিএমজি কাৰ্বাইন আৰু মেগজিন, এটা ০.৩০৩ ৰাইফল, দুটা পিষ্টল, ৯টা দেশত নিৰ্মিত বল্ট একচন চিংগল বেৰেল ৰাইফল, ৪৬ ৰাউণ্ড বিভিন্ন কেলিবাৰৰ সতেজ গুলী, ৮০টা খালী কেচ, এটা দেশত নিৰ্মিত গ্ৰেনেড, ছেফটি ফিউজ আৰু ডিটনেটৰ। মঙলবাৰে আন এক অভিযানত কাংপকপি জিলাৰ কাংচুপ থানাৰ অন্তৰ্গত ছংলুং গাঁৱৰ পৰাও নিৰাপত্তা বাহিনীয়ে বহু অস্ত্ৰ উদ্ধাৰ কৰে।

২০২৩ চনত মণিপুৰৰ এক বৃহৎ অঞ্চলত কুকি-মেইটেইক লৈ সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হৈছিল। ৰাজ্যজুৰি সংঘৰ্ষৰ মাজতে চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনত যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতিৰ শাসন কাৰ্যকৰী হৈ আহিছে। ৰাজ্যিক বিজেপিৰ আপত্তি সত্ত্বেও আগষ্ট মাহত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা আৰু ছমাহৰ বাবে বৃদ্ধি কৰে কেন্দ্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...