ভাৰতে শ্বেখ হাছিনাক ঘূৰাই পঠিয়াবনে? বাংলাদেশৰ প্ৰত্যৰ্পণৰ দাবী সন্দৰ্ভত কি ক’লে MEAয়ে?

বাংলাদেশে দোষী সাব্যস্ত কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ বাবে কৰা নতুন অনুৰোধৰ প্ৰতি ভাৰতৰ পৰা সঁহাৰি পোৱাৰ আশা কৰিছে, অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে বুধবাৰে এই কথা প্ৰকাশ কৰে। অৱশ্যে এসপ্তাহৰ ভিতৰত সঁহাৰি পোৱাৰ সম্ভাৱনা নাই। ইফালে ভাৰতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ বাবে বাংলাদেশৰ পৰা অনুৰোধ লাভ কৰা বুলি স্বীকাৰ কৰিছে।

ভাৰতে নিশ্চিত কৰিছে যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাৰ পৰা প্ৰত্যৰ্পণৰ অনুৰোধ লাভ কৰিছে। ভাৰতৰ MEAৰ মুখপাত্ৰই কয় যে, “যথা সময়ত ইয়াৰ প্ৰক্ৰিয়াকৰণ কৰা হ’ব।”

ইফালে, বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে কয় যে, ঢাকাৰ অনুৰোধৰ এসপ্তাহৰ ভিতৰত তেওঁলোকে সঁহাৰি দিব বুলি মই আশা কৰা নাই, কিন্তু আমি আশা কৰিছোঁ যে আমি ইয়াৰ সঁহাৰি পাম।

উপদেষ্টাগৰাকীয়ে কয় যে, শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ (আইচিটি-১)ৰ ৰায়দানৰ পিছত ঢাকাই বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে নতুন দিল্লীলৈ আনুষ্ঠানিকভাৱে পত্ৰ লিখিছিল। হোছেইনে স্পষ্ট কৰি দিয়ে যে, বাংলাদেশে ভাৰতৰ পৰা কোনো সঁহাৰি অস্বীকাৰ কৰা নাই, কিন্তু ৭ দিনৰ ভিতৰত এই সঁহাৰিৰ আশা কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২ অক্টোবৰত পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান; পৰ্যটকে উপভোগ কৰিব পাৰিব মানাহৰ নৈসৰ্গিক সৌন্দৰ্য

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা ২ অক্টোবৰত...

বান বিধ্বস্ত নেপাললৈ প্ৰতিদিনে ১৮ ঘণ্টাকৈ বিদ্যুৎ ৰপ্তানি কৰিব ভাৰতে

নেপালৰ বিদ্যুৎ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।...

আকাশত চন্দ্ৰ–শুক্ৰৰ মনোমোহা যুগলবন্দী! কিয় দেখা গ’ল এই বিৰল দৃশ্য?

আজি, ১৪ ছেপ্টেম্বৰ ২০২৬। অসমৰ সন্ধিয়াৰ আকাশত দেখা গৈছে...

ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত...