বক্স অফিচত লোকেল উৎপাতৰ খলকনি

অসমীয়া চিনেমালৈ আহিছে ভাল দিন। ছবি গৃহলৈ আহিছে দৰ্শক। শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চিনেমা LOCAL UTPAT য়ে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে । চিনেমাপ্ৰেমীৰ যথেষ্ট ভিৰ ছবিগৃহত। ছবিখন চোৱাৰ দুৰ্বাৰ হেপাহ দৰ্শকৰ । মুক্তিৰ দিনৰ পৰাই হাউচফুল ছবি গৃহ। কাঞ্চনজংঘা, ৰত্নাকৰ, মিচন চাইনাৰ পিছত ৰাজ্যত খলকনিৰ সৃষ্টি কৰিছে LOCAL UTPAT য়ে। এই ছবিখনত ব্যৱহাৰ কৰা সংলাপসমূহে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰতিজন দৰ্শকৰ মূখতে LOCAL UTPATৰ কথা। কেনি বসুমতাৰীয়ে প্ৰযোজনা কৰা এই ছবিখনত অভিনয় কৰিছে তনি দেউৰী, শৰ্মিষ্টা চক্ৰবৰ্তী, বনী দেউৰী, জনী দেউৰী, মন্তু দেউৰী আৰু বহু ন ন শিল্পীয়ে। LOCAL UTPAT ছবিখন এখন কমেডি ছবি। কাল্পনিক ঘটনাৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা এই ছবিখনে মুক্তিৰ পিছতে প্ৰথম সপ্তাহতে ৪০ লাখ টকা উপাৰ্জন কৰিব সক্ষম হৈছে। ইয়াৰপূৰ্বে LOCAL KANGFU, LOCAL KANGFU 2, INSPECTOR BORO আদি ছবি নিৰ্মাণ কৰিছিল কেনি বসুমতাৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...