সপ্তমবাৰলৈ বেলন ডিঅ’ৰ সন্মান অৰ্জনেৰে অভিলেখ মেছীৰ

বিশ্ব ফুটবলৰ শ্ৰেষ্ঠ খিতাপ পুনৰ মহাতাৰকা মেছীৰ দখলত

মৃদুপৱন বৰা

কেৱল খেলপথাৰতে নহয়, সন্মান আৰু বটাঁ অৰ্জনৰ ক্ষেত্ৰতো বিশ্ব ফুটবলত দপদপাই আছে আৰ্জেণ্টাইন কিম্বদন্তি লিঅনেল মেছী। দুভৰিৰ যাদুৰে ফুটবল অনুৰাগীক সন্মোহিত কৰা মেছীয়ে সপ্তমবাৰলৈ লাভ কৰিলে বেলন ডিঅ’ৰ সন্মান। সোমবাৰে পেৰিছত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বঁটা গ্ৰহণ কৰে আৰ্জেণ্টাইন কিম্বদন্তীজনে।

এইবাৰ বেলন ডিঅ’ৰৰ দৌৰত মেছীৰ প্ৰতিদ্বন্দ্বী নাছিল ক্ৰিষ্টিয়ানো ৰোনাল্ডো। প্ৰত্যাহ্বান সৃষ্টি কৰিছিল পোলেণ্ডৰ তাৰকা ৰবাৰ্টো লেৱানডস্কিয়ে। মেছীৰ পিছতে দ্বিতীয় স্থানত থাকে বেয়াৰ্ন মিউনিখৰ তাৰকাজন। বাৰ্চিলোনা এৰি পেৰিছ চেইন্ট জাৰ্মেইনত যোগদান কৰা আৰ্জেণ্টাইনৰ দিগ্বজজনে পূৰ্বে ২০০৯ ,২০১০, ২০১১, ২০১২ ,২০১৫ আৰু ২০১৯ত অন্তিমবাৰলৈ জয় কৰিছিল বেলন ডিঅ’ৰ। বিগত চিজনত বাৰ্চিলোনাৰ হৈ দমনীয় প্ৰদৰ্শন আগবঢ়োৱা মেছীৰ নেতৃত্বতে এই বৰ্ষত আৰ্জেণ্টিনাই দখল কৰিছিল কোপা আমেৰিকাৰ খিতাপো। লগে লগে মুকুটবিহীন তাৰকাৰ দুৰ্নামৰ পৰা মুক্ত হৈছিল লিঅ’নেল মেছী। সন্মান গ্ৰহণ কৰি মেছীয়ে কয়- দুটা বছৰৰ আগতে যেতিয়া এই সন্মান লাভ কৰিছিলো। সেয়াই শেষবাৰৰ বাবে গ্ৰহণ কৰা বুলি ভাবিছিলো। কিন্তু আজি পুনৰ এই সন্মান অৰ্জন কৰি গৌৰৱ অনুভৱ কৰিছোঁ। নিজৰ অৱসৰ গ্ৰহণক লৈয়ো ইংগিত দিয়ে মহাতাৰকাজনে। PSGত যোগদান কৰি মই অত্যন্ত সুখী। এতিয়াও সন্যাস লোৱাৰ কথা ভৱা নাই। প্ৰতিদ্বন্দ্বীত ৰৱাৰ্টো লেৱানডস্কিকো অভিনন্দন জনায় মেছীয়ে কয়- তেওঁ এজন যোগ্য খেলুৱৈ। বেলন ডিঅ’ৰ লাভ কৰিব পৰাকৈ সমৰ্থৱান পোলিছ তাৰকা।

বেলন ডিঅ’ৰ বঁটা প্ৰদান অনুষ্ঠানত একেটা শাৰীত দেখা গ’ল বিশ্ব ফুটবলৰ মেছী, এমবাপ্পে, ৰৱাৰ্টো লেৱানডস্কি, লুইজ ছোৱাৰেজক। ইফালে, মহিলাৰ শাখাত বেলন ডিঅ’ৰ অৰ্জন এলেক্সিয়া পোটেলাছৰ। স্পেনিছ খেলুৱৈগৰাকীয়ে প্ৰথমবাৰলৈ লাভ কৰে এই সন্মান। আনহাতে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত নাথাকিল পৰ্তুগালৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো। এইবাৰৰ বেলন ডিঅ’ৰৰ দৌৰত ষষ্ঠ স্থানতে থাকিব লগীয়া হয় CR7। ফৰাছী সংবাদ মাধ্যমৰ মতে বেলন ডিঅ’ৰ এইবাৰৰ বাছনিক লৈ অসন্তোষ্ট মানচেষ্টাৰ ইউনাইটেডৰ ফুটবলাৰজন।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...