বিপিন ৰাৱটেই নহয়, চীনৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা টাইৱানৰ সেনাপ্ৰধানৰো মৃত্যু হৈছিল ৰহস্যজনক হেলিকপ্টাৰ দুৰ্ঘটনাত

চীফ অফ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱটৰ মৃত্য়ুৱে বহু নতুন নতুন অধ্যায়ৰ উন্মেষ ঘটাইছে। বিপিন ৰাৱটৰ দৰেই টাইৱানৰ শীৰ্ষ সামৰিক বিষয়া জেনেৰেল শ্বেন য়ি মিঙৰ মৃত্যু হৈছিল হেলিকপ্টাৰ দুৰ্ঘটনাত। প্ৰায় এবছৰ পূৰ্বে এনেদৰে আচম্বিতে দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্য়ু ঘটিছিল জেনেৰেল মিঙৰ।

টাইৱানৰ মিলিটাৰী চীফ অফ জেনেৰেল ষ্টাফ জেনেৰেল শ্বেন য়ি মিঙে ২০২০ চনৰ ৩ জানুৱাৰীত নিয়মীয়া সেনা ভ্ৰমণলৈ ৰাওনা হৈছিল। সাধাৰণতে ব্যৱহৃত ব্লেক হক ইউএইচ-60 এম সামৰিক হেলিকপ্টাৰেৰে ৬২ বছৰীয়া জেনেৰেল মিং ৰাওনা হৈছিল। শ্বেন য়িং মিং আৰু কৰ্মচাৰীসহ ১৩জন লোকক কঢ়িয়াই লৈ গৈছিল হেলিকপক্টাৰখনে। পুৱা প্ৰায় ৮.০৭ বজাত টাইৱানৰ এয়াৰবেছৰ পৰা উৰা মৰাৰ ১৩ মিনিট পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত ৮ জন লোক নিহত হৈছিল। প্ৰথমে খবৰ পোৱা গৈছিল যে ঘটনাস্থলীত উপস্থিত হোৱা উদ্ধাৰকাৰী দলে জেনেৰেল মিংকক জীৱিত অৱস্থাত পাইছিল কিন্তু পিছত গম পাইছিল যে এইটো এটা উৰাবাতৰি আছিল। ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিল মিঙে।

একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল বুধবাৰে তামিলনাডুত। বুধবাৰে প্ৰায় ১২.০৮ বজাত কুনুৰত দুৰ্ঘটনাগ্ৰস্ত হয় চিডিএছ ৰাৱটৰ হেলিকপ্টাৰ। জেনেৰেল ৰাৱটৰ সৈতে পত্নী মধুলিকা ৰাৱটো আছিল। বিমানখনত ১২ জন বিষয়াসহ সেনা জোৱান আছিল। দুৰ্ঘটনাটোত ১৩জন লোকৰ মৃত্যু ঘটে। শ্বেন য়ি মিঙৰ দুৰ্ঘটনাৰ দৰে বুধবাৰে আবেলিলৈকে খবৰ পোৱা গৈছিল যে আহতসকলৰ কিছুমানক সংকটজনক অৱস্থাত ৱেলিংটনৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। প্ৰায় চাৰে পাঁচ ঘণ্টা ধৰি এই খবৰে পোৱা গৈছিল। খবৰ পোৱা গৈছিল যে জেনেৰেল ৰাৱট আৰু পত্নীকে ধৰি একাংশ বিষয়া গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু পিছত এটা এটাকৈ মৃত্যুৰ খবৰবোৰ আহিবলৈ আৰম্ভ কৰিছিল।

দুৰ্ঘটনাৰ দৰে আন ৩টা কাৰণতো কাকতালীয় সংযোগ দুয়োজনৰে। ২০০২ চনত জেনেৰেল মিং আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান যুদ্ধ মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল। একেদৰে বিপিন ৰাৱটেও আমেৰিকাত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আনহাতে, টাইৱানৰ সামৰিক ক্ষেত্ৰৰ সেনাপতিসকলে চীনৰ বিৰুদ্ধে নিৰন্তৰভাবে কঠোৰ স্থিতি গ্ৰহণ কৰি আছিল। আনহাতে, বিপিন ৰাৱটেও কিছুদিন পূৰ্বে চীনৰ ওপৰত জৈৱিক যুদ্ধৰ বিষয়ে বিশেষ মন্তব্য কৰিছিল। এই ঘটনাবোৰ একত্ৰিত কৰি সন্দেহৰ দৃষ্টিৰে চোৱা হৈছে চীনক। পোনপটীয়াভাবে কোনেও চীনক দোষাৰোপ কৰা নাই যদিও দুয়ো দেশৰ সেনাপ্ৰধানৰ আচম্বিত মৃত্য়ুৱে আকৌ এবাৰ মনত পেলাই দিলে কাকতালীয় সংযোগৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...