শুৱালকুছি আৰু উত্তৰ লখিমপুৰত নিৰ্মাণ হৈছে অত্য়াধুনিক ক্ৰীড়াপ্ৰকল্প, যুৱ প্ৰতিভাক ক্ৰীড়া আন্তগাঁথনি প্ৰদানৰ লক্ষ্য

অসমত ক্ৰীড়া আন্তগাঁথনি গঢ়ি উঠিবই লাগিব। সমগ্ৰ ৰাজ্যতে ক্ৰীড়াসুলভ পৰিৱেশ গঢ়ি তোলাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ৰাজ্যৰ বিভিন্ন স্থানত ক্ৰীড়া আন্তগাঁথনি নিৰ্মাণৰ কাম অব্যাহত আছে। স্থানীয় প্ৰতিভাশালী খেলুৱৈ আৰু উঠি অহা প্ৰজন্মক এক মঞ্চ দিয়াৰ মানসেৰে ইতিমধ্যে বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে। তাৰ অংশ ৰূপে ডি এছ পি পদত নিযুক্তি দিয়া হৈছে হিমা দাস আৰু লাভলীনা বৰগোহাঁইক। অসম গৌৰৱ তথা অলিম্পিকত পদকজয়ী প্ৰথম অসমীয়া লাভলীনালৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা। ইয়াৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়ীলৈ চৰকাৰী চাকৰি তথা ক্ৰীড়া নীতি অনুসৰি আৰ্থিক সাহায্য় প্ৰদান কৰি আহিছে। ইতিমধ্যে অসমত প্ৰযোজ্য হৈ আছে অসম ক্ৰীড়া নীতি।

আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মীয়মান শুৱালকুছি আৰু উত্তৰ লখিমপুৰ ক্ৰীড়া প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্য কি পৰ্যায়ত আছে, ইয়াৰ আনুষংগিক দিশসমূহৰ ওপৰত বিতং আলোচনা কৰে। নিৰ্মাণৰ সময়ত সন্মুখীন হোৱা অসুবিধা, বিভিন্ন জটিলতা, প্ৰতিকূল পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, কেৱল শুৱালকুছি আৰু উত্তৰ লখিমপুৰেই নহয়, ডিব্ৰুগড়তো ক্ৰিকেট একাডেমী, উত্তৰ গুৱাহাটীত ক্ৰিকেট ষ্টেডিয়াম, বঙাইগাঁৱত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম হাতত লৈছে। তাৰোপৰি, জিলাই জিলাই অত্য়াধুনিক ক্ৰীড়া আন্তগাঁথনি প্ৰকল্পৰ কাম হাতত লৈছে চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...