মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ তৰফৰ পৰা নগাখেলীয়া গাঁৱত পুথিভঁৰালৰ শুভাৰম্ভ

নগাখেলীয়া গাঁৱত মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ তৰফৰ পৰা কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এটি পুথিভঁৰালৰ শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণিৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে নিমন্ত্ৰণ কৰা হয় ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি সঞ্জীৱ হাজৰিকাক। সভাখনিত সভাপতিৰ আসন গ্ৰহণ কৰে মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা নিবিদিতা ফুকনে। সভাখনত অংশ লয় ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি সঞ্জীৱ হাজৰিকা, AKAM‌ foundationৰ ঋতুপৰ্ণা নেওগ, মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক অনিৰুদ্ধ দেৱ দত্ত, আৰু অধ্যাপিকা ৰেজীয়া বেগম লষ্কৰে। সভাখনত আসন গ্ৰহণ কৰাৰ পাছতে সভাপতিয়ে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি সভাখন আগুৱাই নিয়ে। ইয়াৰ পাছতে এই পুথিভঁৰালটোৰ আৰম্ভণিৰ চিন্তা-চৰ্চা কৰা আৰু কিতাপ পঢ়ি ভাল পোৱা কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপিকা ৰেজীয়া বেগম লষ্কৰে দিহা পৰামৰ্শ আৰু গঠনমূলক আলোচনাৰে তেওঁৰ মন্তব্য সামৰণি মাৰে। তেখেতৰ পাছতে ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি তথা এই অনুষ্ঠানৰ মুখ্য অতিথি সঞ্জীৱ হাজৰিকাই তেওঁৰ গঠনমূলক কথাৰে তেখেতৰ মন্তব্য সামৰণি মাৰে।। ইয়াৰ পাছতে AKAM Foundationৰ Founder ঋতুপৰ্ণা নেওগে AKAM Foundationৰ সহযোগত কণ কণ ছাত্ৰ-ছাত্ৰী সকলক পাঠ্যপুথিৰ দ্বাৰা পঢ়া শুনাৰ যোগেদি কেনেকৈ সমাজত নিজকে প্ৰতিষ্ঠা কৰিব আৰু আমি পুথিভঁৰাল এটি গঢ় দিবলৈ কেনেকৈ সহায় সহযোগিতা আগবঢ়াব লাগে এনেধৰণৰ তত্ত্ব গধুৰ মন্তব্যৰে তেখেতৰ মন্তব্য সামৰণি মাৰে। সকলোৰে মন্তব্যৰ সামৰণিৰ পাছত পুথিভঁৰালটোৰ শুভাৰম্ভণি কৰে মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা নিবিদিতা ফুকনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...