নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

‘আপুনি ইমান জনপ্ৰিয়, আপোনাৰ এটা অট’গ্ৰাফ মোক লাগিবই’

‘সমগ্ৰ যুক্তৰাষ্ট্ৰ আপোনাৰ আগমনৰ প্ৰতীক্ষাত’

নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনী আলবানিজো উচ্ছ্বসিত মোদীক লৈ

বিশ্বনেতা হিচাপে নৰেন্দ্ৰ মোদীয়ে অৰ্জন কৰিছে ব্যাপক জনপ্ৰিয়তা। জাপানৰ হিৰোছিমাত আয়োজিত G-7 শীৰ্ষ সন্মিলনতো মোদীয়ে এই জনপ্ৰিয়তাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে। G-7 শীৰ্ষ সন্মিলনৰ মাজতে অনুষ্ঠিত হয় QUAD গোষ্ঠীৰ নেতৃবৰ্গৰ এখন শীৰ্ষ বৈঠক। ভাৰতৰ লগতে যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপানক লৈ গঠিত QUAD গোষ্ঠীৰ এই বৈঠকত আটাইকেইজন ৰাষ্ট্ৰপ্ৰধানে মোদীক প্ৰশংসাৰে বুৰাই পেলোৱা দেখিবলৈ পোৱা যায়। যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে নৰেন্দ্ৰ মোদী তেওঁৰ দেশতো ব্যাপক জনপ্ৰিয়। হাঁহি–ধেমালিৰ ৰসিকতাৰ মাজত বাইডেনে মোদীৰ অ’টগ্ৰাফ লম বুলিও মন্তব্য কৰে। আন্তৰ্জাতিক ৰাজনীতিত ভাৰত আৰু নৰেন্দ্ৰ মোদীৰ গ্ৰহণযোগ্য ইংগিত বুলি ক’ব পৰা যায়।

অহা ২২জুনৰ পৰা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

সেই দিনাই নিশা বাইডেনে নৈশ আহাৰত মিলিত হ’ব মোদীৰ সৈতে

নৈশ আহাৰৰ অনুষ্ঠানত অংশ ল’বলৈ যুক্তৰাষ্ট্ৰবাসীৰ মাজত লাগিছে হেতা-ওপৰা

ফিল্মষ্টাৰৰ পৰা সাধাৰণ লোকলৈ অগণনে বিচাৰিছে সেই অনুষ্ঠানৰ টিকট

ফলত সমস্যাত পৰা বুলিও অকপট স্বীকাৰোক্তি যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এলবানিজো সুৰ মিলাই মোদীৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৯০ হাজাৰ লোকে মোদীৰ বিজয়ক আদৰণি জনোৱাৰ কথাও তেওঁ উল্লেখ কৰে। QUAD শীৰ্ষ সন্মিলনতো মোদীয়ে উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বুলি দুয়োগৰাকী নেতাই মোদীক উচ্চ প্ৰশংসা কৰে।

হিৰোছিমাত G-7 শীৰ্ষ সন্মিলনত চীন-ৰাছিয়া আছিল অন্যতম আলোচ্য বিষয়

উত্তৰ কোৰিয়াৰ পৰিস্থিতিয়েও ঠাই পায় শীৰ্ষ সন্মিলনৰ আলোচনাত

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ অবসান ঘটোৱাৰ বাবেও আহ্বান সন্মিলনৰ

মোদীৰ ১০ পইণ্ট এজেণ্ডাইও আকৰ্ষিত কৰে G-7ৰ নেতৃবৰ্গক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...