মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ তৰফৰ পৰা নগাখেলীয়া গাঁৱত পুথিভঁৰালৰ শুভাৰম্ভ

নগাখেলীয়া গাঁৱত মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ তৰফৰ পৰা কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এটি পুথিভঁৰালৰ শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণিৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে নিমন্ত্ৰণ কৰা হয় ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি সঞ্জীৱ হাজৰিকাক। সভাখনিত সভাপতিৰ আসন গ্ৰহণ কৰে মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা নিবিদিতা ফুকনে। সভাখনত অংশ লয় ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি সঞ্জীৱ হাজৰিকা, AKAM‌ foundationৰ ঋতুপৰ্ণা নেওগ, মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক অনিৰুদ্ধ দেৱ দত্ত, আৰু অধ্যাপিকা ৰেজীয়া বেগম লষ্কৰে। সভাখনত আসন গ্ৰহণ কৰাৰ পাছতে সভাপতিয়ে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি সভাখন আগুৱাই নিয়ে। ইয়াৰ পাছতে এই পুথিভঁৰালটোৰ আৰম্ভণিৰ চিন্তা-চৰ্চা কৰা আৰু কিতাপ পঢ়ি ভাল পোৱা কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপিকা ৰেজীয়া বেগম লষ্কৰে দিহা পৰামৰ্শ আৰু গঠনমূলক আলোচনাৰে তেওঁৰ মন্তব্য সামৰণি মাৰে। তেখেতৰ পাছতে ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি তথা এই অনুষ্ঠানৰ মুখ্য অতিথি সঞ্জীৱ হাজৰিকাই তেওঁৰ গঠনমূলক কথাৰে তেখেতৰ মন্তব্য সামৰণি মাৰে।। ইয়াৰ পাছতে AKAM Foundationৰ Founder ঋতুপৰ্ণা নেওগে AKAM Foundationৰ সহযোগত কণ কণ ছাত্ৰ-ছাত্ৰী সকলক পাঠ্যপুথিৰ দ্বাৰা পঢ়া শুনাৰ যোগেদি কেনেকৈ সমাজত নিজকে প্ৰতিষ্ঠা কৰিব আৰু আমি পুথিভঁৰাল এটি গঢ় দিবলৈ কেনেকৈ সহায় সহযোগিতা আগবঢ়াব লাগে এনেধৰণৰ তত্ত্ব গধুৰ মন্তব্যৰে তেখেতৰ মন্তব্য সামৰণি মাৰে। সকলোৰে মন্তব্যৰ সামৰণিৰ পাছত পুথিভঁৰালটোৰ শুভাৰম্ভণি কৰে মনুহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা নিবিদিতা ফুকনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...