ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ ‘TREE AMBULANCE’ৰ

0 67

মানুহৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত অপৰিসীম ভূমিকা আছে এম্বুলেন্সৰ। কিন্তু গছৰ স্বাস্থ্য ৰক্ষাৰ বাবে এম্বুলেন্স। শুনিবলৈ আচহুৱা যেন লগা গছৰ বাবে এম্বুলেন্স এতিয়া উপলব্ধ হৈছে ভাৰতৰ বিভিন্ন নগৰত। গছৰ পৰিচৰ্য্যাৰ বাবে ব্যৱস্থা হৈছে ‘TREE AMBULANCE’ৰ। এক প্ৰতিবেদন।

মানুহৰ জীৱন ৰক্ষাৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লয় এম্বুলেন্সে

এইবাৰ গছৰ জীৱন ৰক্ষাৰ বাবে সূচনা ‘TREE AMBULANCE’ৰ

ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ ‘TREE AMBULANCE’ৰ

শেহতীয়াকৈ আৰম্ভ হ’ল ‘TREE AMBULANCE’ সেৱা

এম্বুলেন্সে দুৰ্ঘটনাগ্ৰস্ত বা বেমাৰ–আজাৰত সংগীন হৈ পৰা লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত লয় গুৰুত্বপূৰ্ণ ভূমিকা। এইবাৰ গছ–গছনিক ৰক্ষাৰ বাবে ব্যৱস্থা হৈছে ‘TREE AMBULANCE’ৰ। বিশেষকৈ পথৰ কাষৰ গছ–গছনিৰ যতন লোৱা আৰু প্ৰতিপালনৰ বাবে আৱশ্যকীয় সেৱাৰ ব্যৱস্থাৰে আৰম্ভ কৰা হৈছে ‘TREE’.

‘সেউজ মানৱ’ বুলি প্ৰখ্যাত ড০ আব্দুল ঘানীৰ মস্তিষ্কপ্ৰসূত আছিল ‘TREE AMBULANCE’

গছক ফাৰ্ষ্ট এইড দিয়াৰ প্ৰয়াসেৰে আৰম্ভ কৰিছিল চেন্নাইৰ ড০ ঘানীয়ে

চেন্নাই, দিল্লী, পুডুচেৰী আদি চহৰত ইতিমধ্যেই আৰম্ভ হৈছে ‘TREE AMBULANCE’

এই আৰ্হিৰেই উদয়পুৰৰ স্বেচ্ছাসেৱী সংগঠন নমোকাৰ সেৱা সংগঠনে ৰাজস্থানৰ ঐতিহাসিক চহৰখনত চলি আছে ‘TREE AMBULANCE’ৰ ব্যৱস্থা। চহৰখনক সেউজ কৰা আৰু তাৰবাবে ৰোপন কৰা বৃক্ষৰ প্ৰতিপালনৰ বাবে উদ্যোগ ল’ব এই ‘TREE AMBULANCE’. এম্বুলেন্সখনত গছৰ পুলিৰ পৰা আৰম্ভ কৰি সাৰ, পানী, চোদিশৰ ঘেৰ আদিৰো ব্যৱস্থা আছে। গছ একোডালক সম্পূৰ্ণ সুৰক্ষা দিয়াৰো ব্যৱস্থা কৰিছে উদয়পুৰৰ ‘TREE AMBULANCE’এ।

উদয়পুৰৰ গছ–গছনিৰ ৰক্ষাৰ ক্ষেত্ৰত এই এম্বুলেন্সে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি উদয়পুৰবাসীয়ে আশা কৰিছে। ইতিমধ্যে নগৰখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ৫,২৫০ জোপা গছপুলি ৰুই তাৰ প্ৰতিপালনৰ দিহা কৰিছে নমোকাৰ সেৱা সংগঠনৰ ‘TREE AMBULANCE’এ।

Leave A Reply

Your email address will not be published.