কলমৌৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

কলমৌ অতি পুষ্টিকৰ আৰু ঔষধি গুণ যুক্ত বন শাক। এই কলমৌত অধিক মাত্ৰাত আইৰণ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম , ফাইবাৰ , ভিটামিন-এ , বি , চি , ই আদি উপাদান পোৱা যায়। কলমৌৱে গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ ৰোগৰ উপশম ঘটায়। এণ্টি -অক্সিডেণ্ট গুণ থকা কলমৌৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কলমৌ শাকক বসন্ত ৰোগৰ প্ৰতিষেধক বুলি কোৱা হয়। প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ বাবে ৰক্তহীনতাৰ সমস্যাত উপকাৰী।

কলমৌ শাকত থকা কেলছিয়ামে শৰীৰৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। কলমৌ শাক মেদবহুলতা, উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকৰ বাবে উপকাৰী। কলমৌ শাক চকুৰ বাবে উপকাৰ । কলমৌ শাকে হজম শক্তি বঢ়ায়। কৌষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা কৰে। কলমৌ শাক জণ্ডিচ আৰু লিভাৰৰ আন সমস্যাতো অতি উপকাৰী। কলমৌ শাকে মানসিক হতাশা দূৰ কৰে , টোপনি অনাত সহায় কৰে, ছালৰ উজ্বলতা বঢ়ায়। হৃদযন্ত্ৰৰ বাবেও কলমৌ উপকাৰী। প্ৰস্ৰাৱৰ সমস্যাত কলমৌ শাক নিয়মিয়াকৈ কেইদিন মান খালে উপকাৰ পোৱা যায় ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...