কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত পৰ্যটকৰ বাবে নিষিদ্ধ হ’ব মোবাইল ফোন ৷ লগতে পৰ্যটকৰ বাবে বাধ্যতামূলক হ’ব অনলাইন বুকিং ৷ বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাজহ সংগ্ৰহত গুৰুত্ব আৰোপ কৰা হ’ব ৷ উদ্যানৰ ভিতৰত দৈনিক কিমান গাড়ী প্ৰবেশ কৰিব তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব ৷ লগতে সপ্তাহত এদিন উদ্যান বন্ধ ৰাখিব লাগিব ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অচিৰেই বলৱৎ হ’ব এই নিয়ম ৷ শুক্ৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ৰমেশ চন্দ্ৰ কুমাৰে নিজা কাৰ্যালয় কক্ষত সাংবাদিকৰ সৈতে মত বিনিময় কৰি এই কথা সদৰি কৰে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ভাৰতবৰ্ষৰ আন আন ৰাষ্ট্ৰীয় উদ্যানত প্ৰযোজ্য হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো এই নিয়ম সমূহ প্ৰযোজ্য হ’ব বুলি কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে ৷ পৰ্যটকে মোবাইল ফোন লগত নি বিভিন্ন জীৱজন্তু আৰু লোকেশ্বন আদি আপলোড কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰে ৷ তাৰ বাবেই ভাৰতবৰ্ষৰ আন আন ৰাষ্ট্ৰীয় উদ্যানত মোবাইল নিষিদ্ধৰ দৰে কাজিৰঙাকো এই নিয়ম অতি শীঘ্ৰেই প্ৰযোজ্য হ’ব ৷ তাৰোপৰি সপ্তাহত এটা দিন ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ গুৰুত্ব ওপৰত বক্তব্য ৰাখি ইয়াৰ জৰিয়তে গাড়ী আৰু পৰ্যটকৰ পৰা বন্য জীৱজন্তুৱে কিছু সকাহ লাভ কৰিব ৷ লগতে উদ্যানৰ ভিতৰৰ যাতায়তৰ অনুপযোগী হোৱা বাট পথসমূহ মেৰামতি কৰিব পাৰিব ৷ তাৰোপৰি ইক’ টুৰিজিমৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব ৷ তাৰোপৰি বছৰত ভাৰতবৰ্ষলৈ অহা ২ কোটি বিদেশী পৰ্যটকৰ মাত্ৰ ৩৬ হাজাৰ বিদেশী পৰ্যটকহে অসমলৈ তথা কাজিৰঙালৈ আহে ৷ ইক’ টুৰিজিমৰ জৰিয়তে বিদেশী পৰ্যটকক আৰু অধিক আকৰ্ষিত কৰি আৰু বিদেশী পৰ্যটক যাতে অসমলৈ আহে তাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব ৷ যোৱা ১৮ জুলাইত বন আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা কাজিৰঙালৈ আহোতে এই বিষয়ৰ ওপৰত আলোচনা কৰি এই বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ তাৰ বাবেই কাজিৰঙা উদ্যান কতৃপক্ষই এই বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ আনহাতে, প্ৰথমটো বানে কাজিৰঙাৰ বিশেষ অনিষ্ট সাধন নকৰিলেও কাজিৰঙাত বানপানীৰ প্ৰয়োজন আছে বুলি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে ব্যক্ত কৰে ৷ তাৰ বাবে পুনৰ বানপানী হ’লে উদ্যান কতৃপক্ষ সম্পূৰ্ণ সাজু হৈ থকা বুলি ব্যক্ত কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...