শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল হ’ল ৫টা মেচিন। জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ। ৰাজ্যিক পৰিবহন বিভাগৰ এজন অৱসৰপ্ৰাপ্ত চালকৰ ঘৰত ওলাল ইমান টকা। আৰক্ষীৰ অভিযানত জব্দ হয় এই বিশাল ধন ৰাশি। ইমান বোৰ টকা গণি গণি বিকল হৈ পৰে ৫টাকৈ মেচিন। জব্দ হোৱা সোণৰ গহণাখিনিৰ বজাৰ মূল্য প্ৰায় ২১কোটি টকা।

পশ্চিমবংগৰ বীৰভূমত আৰক্ষীৰ জালত মিনাৰ মণ্ডল। পশ্চিমবংগৰ বীৰভূমত আৰক্ষীৰ এক বৃহৎ অভিযানত প্ৰাক্তন বাছ চালক তথা বৰ্তমান শিল ব্যৱসায়ৰ সৈতে জৰিত ব্যক্তিৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে ২৮ কোটি টকা আৰু ১৫ কেজি সোণ। মূল মিনাৰ মণ্ডল পূৰ্বে ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ চালক আছিল। প্ৰথম অৱস্থাত ৫.৫ কোটি টকা উদ্ধাৰ হৈছিল আৰু বৃহস্পতিবাৰৰ পুৱালৈ এই ধনৰ পৰিমাণ ২৮ কোটি টকালৈ বৃদ্ধি পায়।

ঘটনাৰ পিছতেই মিনাৰ মণ্ডলক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত মিনাৰে এই সম্পত্তি তুলু মণ্ডল আৰু তেওঁৰ অবৈধ ছিণ্ডিকেটৰ বুলি স্বীকাৰ কৰিছে। অবৈধ বালি আৰু শিলৰ ছিণ্ডিকেটৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে এই পদক্ষপ গ্ৰহণ কৰে। বৃহৎ পৰিমাণৰ ধন আৰু সোণ জব্দ হোৱাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি CJPৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ...

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ সন্মান গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনে...

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...