শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল হ’ল ৫টা মেচিন। জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ। ৰাজ্যিক পৰিবহন বিভাগৰ এজন অৱসৰপ্ৰাপ্ত চালকৰ ঘৰত ওলাল ইমান টকা। আৰক্ষীৰ অভিযানত জব্দ হয় এই বিশাল ধন ৰাশি। ইমান বোৰ টকা গণি গণি বিকল হৈ পৰে ৫টাকৈ মেচিন। জব্দ হোৱা সোণৰ গহণাখিনিৰ বজাৰ মূল্য প্ৰায় ২১কোটি টকা।

পশ্চিমবংগৰ বীৰভূমত আৰক্ষীৰ জালত মিনাৰ মণ্ডল। পশ্চিমবংগৰ বীৰভূমত আৰক্ষীৰ এক বৃহৎ অভিযানত প্ৰাক্তন বাছ চালক তথা বৰ্তমান শিল ব্যৱসায়ৰ সৈতে জৰিত ব্যক্তিৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে ২৮ কোটি টকা আৰু ১৫ কেজি সোণ। মূল মিনাৰ মণ্ডল পূৰ্বে ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ চালক আছিল। প্ৰথম অৱস্থাত ৫.৫ কোটি টকা উদ্ধাৰ হৈছিল আৰু বৃহস্পতিবাৰৰ পুৱালৈ এই ধনৰ পৰিমাণ ২৮ কোটি টকালৈ বৃদ্ধি পায়।

ঘটনাৰ পিছতেই মিনাৰ মণ্ডলক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত মিনাৰে এই সম্পত্তি তুলু মণ্ডল আৰু তেওঁৰ অবৈধ ছিণ্ডিকেটৰ বুলি স্বীকাৰ কৰিছে। অবৈধ বালি আৰু শিলৰ ছিণ্ডিকেটৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে এই পদক্ষপ গ্ৰহণ কৰে। বৃহৎ পৰিমাণৰ ধন আৰু সোণ জব্দ হোৱাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...