UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি অৱ চাইন্স এণ্ড টেকন’লজি মেঘালয় (USTM)-এ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ আইন, ১৯৫৬-ৰ ধাৰা১২(বি)-ৰ অধীনত স্বীকৃতি লাভ কৰিছে। এই সন্মানজনক স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনৰ একাডেমিক উৎকৰ্ষ, গৱেষণা, উদ্ভাৱন আৰু গুণগত শিক্ষাৰ প্ৰতি থকা অংগীকাৰক পুনৰবাৰ স্বীকৃতি প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বিকাশৰ বাবে এক নতুন দিগন্ত উন্মোচন কৰিছে।

ইউজিচিৰ১২(বি) স্বীকৃতি লাভ কৰাৰ ফলত USTM-এ UGCৰ বিভিন্ন গৱেষণা অনুদান, উন্নয়নমূলক আঁচনি, শিক্ষক উন্নয়ন কাৰ্যসূচী, একাডেমিক প্ৰকল্প আৰু অন্যান্য কেন্দ্ৰীয় সাহায্য প্ৰাপ্ত আঁচনিৰ সুবিধা লাভৰ বাবে যোগ্যতা অৰ্জন কৰিলে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, গৱেষক আৰু সমগ্ৰ একাডেমিক পৰিৱেশ অধিক শক্তিশালী হ’ব।

এই উপলক্ষে আনন্দ প্ৰকাশ কৰি ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে কয়, “UGCৰ ধাৰা১২(বি)ৰ স্বীকৃতি আমাৰ বিশ্ববিদ্যালয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এইসাফল্য বিশ্ববিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী আৰু শুভাকাংশীসকলৰ নিষ্ঠা, পৰিশ্ৰম আৰু অংগীকাৰৰ ফল। এই স্বীকৃতিয়ে আগন্তুক দিনত শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।”

USTMৰ মাননীয় উপাচাৰ্য অধ্যাপক জি. ডি. শৰ্মাই কয়, “১২(বি) স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনৰ একাডেমিক মানদণ্ডৰ ওপৰত ইউজিচিৰ আস্থা প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে গৱেষণা, উদ্ভাৱন, শিক্ষক উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অধিক সুযোগ সৃষ্টি হ’ব।”

প্ৰতিষ্ঠা কালৰ পৰাই USTN-এ গুণগত শিক্ষা, আধুনিক গৱেষণা, উদ্ভাৱনী চিন্তা আৰু সমাজমুখী কাৰ্যসূচীৰ জৰিয়তে দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই নতুন স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনৰ উৎকৰ্ষৰ যাত্ৰাক আৰু অধিক গতিশীল কৰি তুলিব।

এই ঐতিহাসিক সাফল্যৰ পিছতে USTM পৰিয়ালত আনন্দময় পৰিৱেশে বিৰাজ কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইসফলতাৰ বাবে সকলো শিক্ষক, কৰ্মচাৰী, শিক্ষাৰ্থী, অভিভাৱক, প্ৰাক্তন শিক্ষাৰ্থী আৰু শুভাকাংক্ষীসকলক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...