২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ ঘোষণা। মাটি কিনাৰ ক্ষেত্ৰত ৰাজ্যত আহি আছে কঠোৰ আইন। টকা থাকিলেই, মন গ’লেই এতিয়াৰে পৰা কিনিব নোৱাৰিব মাটি। ২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব। সত্ৰ ,মন্দিৰৰ ৫ কিঃমিঃ ব্যাসাৰ্ধত ক্ৰয় কৰিব নোৱাৰিব মাটি। বটদ্ৰৱা, বৰপেটাত কেৱল থাকিব পাৰিব স্থানীয় নাগৰিকহে।

আনহাতে বিৰোধীয়ে মাটি কিয় ক্ৰয় কৰিব নোৱাৰি কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰপেটা, বটদ্ৰৱাৰ ৫ কিলোমিটাৰ এলেকাত সোমাই নামাজ পঢ়াৰ মন নেকি? হিন্দু, মুছলমান বুলি কথা নাই নতুনকৈ কোনেও বৰপেটা, বটদ্ৰৱা, মাজুলী সত্ৰৰ সমীপত মাটি কিনিব নোৱাৰে। যদি সত্ৰ মন্দিৰত সোমোৱাৰ মন নাই কিয় এই বিধেয়কৰ বিৰোধীতা কৰিছে?

বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি জনাই দিয়ে যে সত্ৰ, নামঘৰ, ঐতিহাসিক কৃতীচিহ্নৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ম্যাদী পট্টা নথকা লোকক উচ্ছেদ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি CJPৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ...

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ সন্মান গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনে...

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...