নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
SRD ২০২৪-২০২৫ৰ অধীনত নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহা প্ৰদানৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাত ব্যৱহাৰ হ’ব কেন্দ্ৰই সমগ্ৰ শিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে দিয়া ধনৰ অংশ।


২০২৬-২৭ বিত্তীয় বৰ্ষত ২৫,২৯৬ শিক্ষকৰ বাবে গড় হিচাপত ১৫,১৪৭ টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ।
কিন্তু সমগ্ৰ শিক্ষাৰ অধীনত বৰ্তমান আছে ১০,২৬৭ জন শিক্ষক।
সমগ্ৰ শিক্ষাৰ অধীনত পূৰ্বতে থকা ১৫,০২৯ শিক্ষকৰ পদ SRDৰ অধীনত নিয়মীয়া কৰা হৈছে।
কিন্তু এতিয়াও এইসকল শিক্ষকৰ নামত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানো পুঁজি দি আহিছে।


সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰৰ প্ৰস্তাৱ অনুসৰি, SRD-২০২৪ আৰু SRD-২০২৫ৰ শিক্ষকসকলৰ দৰমহা SNA-SPARSH মডিউলৰ জৰিয়তে State Fund (Top-Up) Mechanism ব্যৱহাৰ কৰি এই পুঁজিৰ ধন নিয়মীয়া শিক্ষকৰ দৰমহাত খৰচ কৰিব।
SNA-SPARSH Portalত কেন্দ্ৰীয় অংশৰ Refund/Remittance-ৰ ব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্য চৰকাৰৰ Top-Up Fund ব্যৱহাৰ কৰি দৰমহা প্ৰদান কৰা হ’ব।
বিদ্যালয় শিক্ষা বিভাগে এই ব্যৱস্থা তাৎক্ষণিক ভাবে কাৰ্যকৰী কৰি SRD-২০২৪ৰ অধীনত নিয়মীয়াকৰণ হোৱা শিক্ষকসকলৰ দৰমহা SNA-SPARSH মডিউলৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ প্ৰাথমিক শিক্ষা বিভাগক নিৰ্দেশ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...