ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা ড° নিৰদা দেৱীৰ বিৰুদ্ধে ডায়েট (DIET) ৰ বিষয়াসকলক লৈ ভুল তথ্যৰে উৰ্ধতম কৰ্তৃপক্ষক পৰিচালনা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত ডায়েট বিষয়া সন্থাৰ অভিযোগ অনুসৰি সঞ্চালিকাগৰাকীয়ে দীৰ্ঘদিন ধৰি ডায়েট প্ৰতিষ্ঠানসমূহক কেন্দ্ৰ কৰি এক অস্বস্তিকৰ পৰিৱেশ ৰচনাৰ চেষ্টা চলাই আহিছে। উত্থাপিত অভিযোগ অনুসৰি ২০১৭ চনত এচচিইআৰটিৰ এক প্ৰতিষ্ঠানিক পৰিৱৰ্তনৰ সময়ত প্ৰবক্তা আৰু ৰিডাৰ পৰ্যায়ৰ পদসমূহ জ্যেষ্ঠতাৰ ভিত্তিত সহ সঞ্চালক, উপ সঞ্চালক আৰু যুটীয়া সঞ্চালক আদি পদলৈ উন্নীত কৰা হৈছিল। অৱশ্যে এই প্ৰক্ৰিয়াত ডায়েটৰ বিষয়াসকলক বঞ্চিত কৰা হয়। ইয়াৰ বিপৰীতে এচচিইআৰটিত স্ক্ৰীপ্ট ৰাইটাৰ হিচাপে দ্বিতীয় বৰ্গৰ কাম কৰি থকা বেগম ৰুকছানা শইকীয়া নামৰ কৰ্মচাৰীগৰাকীয়ে একেলগে দুটা প্ৰমোচন লাভ কৰি জাঁপ মাৰি সহ সঞ্চালক পদত অধীষ্ঠিত হয়। সেই সময়ত ‘সদৌ অসম ডায়েট বিষয়া সংস্থা’ই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। পৰৱৰ্তী সময়ত বেগম ৰুকছানা শইকীয়াই সঞ্চালিকা ড° নিৰদা দেৱীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰি ডায়েটৰ বিষয়াসকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কুৎসা ৰটনা কৰাৰ অভিযোগ উঠিছে। দোপতদোপে কেইবছৰমানৰ ভিতৰতে উক্ত স্ক্ৰীপট ৰাইটাৰগৰাকী আহি যুটীয়া সঞ্চালক পদত অধীষ্ঠিত হয়। বিদ্বত মহলৰ মতে সঞ্চালিকাগৰাকীৰ কোনো দুৰ্বল বা দুৰ্নীতিগ্ৰস্ত দিশ জনাৰ সুবাদতে বেগম ৰুকছানা শইকীয়াই নিজৰ মইমতালি চলাই আহিছে আৰু সঞ্চালিকাগৰাকীয়েও তাত পূৰ্ণ সমৰ্থন আগবঢ়াইছে। ইয়াৰ ফলত ডায়েটৰ কৰ্মোৎসাহী বিষয়াসকলৰ পদোন্নতি আৰু প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত মন্ত্ৰী তথা সচিব পৰ্যায়ত ভুৱা বদনাম প্ৰচাৰ কৰি তেওঁলোকক হতাশ কৰা হৈছে।
শেহতীয়াকৈ বিদ্যালয় পৰ্যায়ৰ এটা এপ্লিকশ্যন ৰূপায়ণৰ নামত সৰ্বশিক্ষা অভিযান আৰু আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ কাৰ্যালয়ত ডায়েট বিষয়াসকলৰ সম্পৰ্কত পুনৰ ভুল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ উঠিছে। আনকি গত জুলাই মাহৰ প্ৰথম সপ্তাহতো জ্যেষ্ঠ কৰ্তৃপক্ষৰ ওচৰত এনে অভিযোগসম্বলিত কাণ্ড সংঘটিত কৰা হৈছিল। এই সন্দৰ্ভত ডায়েট বিষয়া সন্থাই শিক্ষা সচিব নাৰায়ণ কোঁৱৰক সাক্ষাৎ কৰি স্পষ্ট কৰি দিয়ে যে তেওঁলোকে বিভাগীয় নিৰ্দেশ অনুসৰি ‘সমৰ্থ’ এপ্লিকেশ্যনত উপস্থিতি আৰু কাৰ্যবিৱৰণী দিবলৈ সাজু। কিন্তু এচচিইআৰটি সঞ্চালিকা আৰু বেগম ৰুকছানা শইকীয়াৰ চক্ৰটোৱে ডায়েট বিষয়াসকলক অৱদমন কৰাৰ উদ্দেশ্যে আন এটা এপ্লিকেশ্যন জাপি দিব বিচাৰিছে, যিটো ডায়েটৰ কৰ্মপৰিসৰৰ ভিতৰুৱা নহয় আৰু য’ত কোনো ৰাজপত্ৰিত বিষয়াক সামৰি লোৱা হোৱা নাই।
ইতিমধ্যে সেই সঞ্চালকৰ আসনত ইয়াৰ পুৰ্বে অধিষ্ঠিত আইএএছ বিষয়া শেৱালি দেৱী ১০৫ কোটি টকীয়া অ’ডিএল দুৰ্নীতিৰ গোচৰত অভিযুক্ত হোৱাৰ পিছত সেই আসনৰ পৰা এতিয়াও দুৰ্নীতিৰ চেকা আঁতৰা নাই। চৰকাৰে এই ক্ষেত্ৰত মন কৰা উচিত যে ডকুমেনটেশ্যন অফিচাৰ হিচাপে অধীষ্ঠিত জনৈক দাস উপাধিৰ এজন ব্যক্তিৰ জৰিয়তে বিভাগীয় তথা ডায়েটসমূহলৈ যোগান ধৰা চৰকাৰী পুঁজিৰ নামত এতিয়াৰ সঞ্চালিকাগৰাকীয়ে অনিয়ম সংঘটিত কৰাৰ বহু অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে। এই দুৰ্নীতিৰ পৃষ্ঠাসমূহ অচিৰেই খোল খাব বুলি ডায়েট বিষয়া সন্থাই দৃঢ়তাৰে কয়। জনৈক দাস আৰু বেগম শইকীয়াৰ কবলত পৰি কেনেকৈ এগৰাকী শিক্ষাব্ৰতী ব্যক্তি অহংকাৰী, মইমতালি আৰু দুৰ্নীতিৰ সদাগৰ হৈ উঠিছে সেয়া সঁচাকৈয়ে লক্ষণীয়। বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, কটন কলেজৰ অধ্যক্ষ হৈ থকাৰ সময়তো সঞ্চালিকাগৰাকী বিভিন্ন বিতৰ্ক তথা অভিযোগত অভিযুক্ত হৈছিল। পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয় গঠন হোৱাৰ পিছত, নীতি নিয়ম অনুসৰি এগৰাকী সহযোগী অধ্যাপকক উপাচাৰ্যৰ পদত অধিষ্ঠিত কৰাৰ সুযোগ নথকাৰ বাবেই তেওঁক এচচিইআৰটিৰ সঞ্চালিকা হিচাপে নিযুক্তি দিয়া হৈছিল। আনকি সঞ্চালিকাগৰাকীয়ে ৰাজহুৱাভাৱে নিজৰ আত্মীয়-কুটুমক ডায়েটত চাকৰি কৰাৰ ক্ষেত্ৰত কেতিয়াও অনুপ্ৰাণিত নকৰিম বুলি কৈ নিষ্ঠাবান প্ৰৱক্তাসকলক হেয় প্ৰতিপন্ন কৰাৰ লগতে ধাৰাবাহিকভাৱে অসংসদীয় ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। অথচ, ডায়েটৰ সমল প্ৰস্তুতকৰণ, গৱেষণা, পাঠ্যপুথি প্ৰস্তুতকৰণ, পৰশ ৰাষ্ট্ৰীয় সৰ্বেক্ষণ, গুণোৎসৱ আৰু একাডেমিক কেলেণ্ডাৰ প্ৰস্তুতৰ দৰে গুৰুত্বপূৰ্ণ কামসমূহত ডায়েটৰ বিষয়াসকলে অহৰহ সহযোগ কৰি আহিছে। ডায়েট শৈক্ষিক বিষয়াসকলৰ অবিহনে এচচিইআৰটিয়ে নিজাকৈ কোনো কামেই সফল ৰূপায়ণ কৰিব নোৱাৰে। বেগম ৰুকছানা শইকীয়া আৰু ডকুমেনটেশ্যন অফিচাৰ জনৈক দাসৰ প্ৰৰোচনাতে সঞ্চালিকাগৰাকী বিপথে পৰিচালিত হোৱা বুলি অভিযোগ তুলি সচেতন মহলে দুৰ্নীতিৰ প্ৰতি ‘শূণ্য সহনশীল’ অসমৰ মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী আৰু সচিবৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।
