কিয় ছাত্ৰজনে প্ৰাণ ল’লে নিজৰে শিক্ষাগুৰুৰ?

শিৱসাগৰৰ সাই বিকাশ একাডেমীৰ অধ্যক্ষক হত্যাক লৈ অব্যাহত প্ৰতিক্ৰিয়া। শিক্ষাগুৰুৰ তেজেৰে হাত ৰাঙলী কৰা উদণ্ড ছাত্ৰক কঠোৰ শাস্তিৰ দাবী। নৱপ্ৰজন্মৰ এনে নৈতিক স্খলনত স্তম্ভিত সচেতন ৰাইজ। কিন্তু কিয় ছাত্ৰজনে হত্যা কৰিলে নিজৰে শিক্ষাগুৰুক?

দুৰ্ভাগ্যজনক দিনটোত কি ঘটিছিল শ্ৰেণীকোঠাৰ ভিতৰত? অধ্যক্ষৰ সৈতে কি কথা হৈছিল হত্যাকাৰী ছাত্ৰজনৰ? সম্প্ৰতি যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহত আছে সাই বিকাশ একাডেমীৰ অধ্যক্ষ ৰাজেশ বাবুক উপৰ্যুপৰি ছুৰিৰে ঘপিয়াই হত্যা কৰা ছাত্ৰজন। কিন্তু এই জঘন্য হত্যাকাণ্ড সন্দৰ্ভত কি কয় ছাত্ৰজনে। এই সন্দৰ্ভত শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সদস্যা দীপালী ভট্টাচাৰ্য্য বৰুৱাই বৰ্ণনা কৰিলে সবিশেষ। পিতৃৰ মৃত্যুত ভাগি পৰিছিল ছাত্ৰজন। হেৰুৱাই পেলাইছিল মানসিক ভাৰসাম্য। ডিব্ৰুগড়ত চলিছিল ছাত্ৰজনৰ চিকিৎসা। চিকিৎসাৰ পিছত সাই বিকাশ একাডেমীত নাম ভৰ্তি কৰিছিল ছাত্ৰজনে।

উল্লেখযোগ্য যে ঘটনাটোৰ পূৰ্বে এসপ্তাহ ছুটী লৈছিল ছাত্ৰজনে। দাঁতৰ চিকিৎসাৰ বাবে ছুটী লৈছিল। পুনৰ বিদ্যালয়লৈ অহাৰ পাছত গণিতৰ শ্ৰেণীত শিক্ষকে প্ৰশ্ন সুধিছিল ছাত্ৰজনক। আন শিক্ষাৰ্থীৰ তুলনাত তীক্ষ্ণ নাছিল ছাত্ৰজন। সেয়ে উত্তৰ দিব পৰা নাছিল। খঙত ওলোটাকৈ কৈছিল শিক্ষকজনক। তাৰ পাছতে শিক্ষকজনে ছাত্ৰজনক চুলিত ধৰি উলিয়াই দিছিল বুলি অভিযোগ কৰিছে ছাত্ৰজনে। উলিয়াই দিয়াৰ পাছতে ঘৰলৈ গৈ কাপোৰ সলনি কৰি পুনৰ ওলাই আহিছিল। আৰু ক্ৰয় কৰিছিল এখন ছুৰী। কিন্তু কাউন্সেলিঙৰ সময়ত ছাত্ৰজনৰ মন্তব্য, ভয় খুৱাবলৈহে ক্ৰয় কৰিছিল ছুৰীখন।

ঘটনাৰ সময়ত মানসিকভাৱে মুঠেও সুস্থিৰ নাছিল ছাত্ৰজন। এতিয়া পৰ্যবেক্ষণত আছে ছাত্ৰজন। ছাত্ৰজনে কোৱা কথাবোৰ সঁচা নে মিছা, হ’ব মেডিকল টেষ্ট। তাৰ পিছত পৰ্যায়ক্ৰমে আগবাঢ়িব ন্যায়িক ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...