পুনৰ মুম্বাইত ‘হিট এণ্ড ৰাণ’ কাণ্ড

BMW গাড়ীৰে মহিলাক হত্যা কৰি পলায়ন ৰাজনৈতিক নেতাৰ পুত্ৰ
সিন্দে সেনাৰ নেতাৰ পুত্ৰক লৈ গৰম মহাৰাষ্ট্ৰৰ ৰাজনীতি

প্ৰভাৱশালী বিজনেছমেনৰ পুত্ৰৰ পিছত এইবাৰ ৰাজনৈতিক নেতাৰ পুত্ৰ। ৰাজপথত মুম্বাইত পুনৰ হিট এণ্ড ৰাণৰ ঘটনা। নিশা বাৰৰ পৰা ওলাই ৰাজনৈতিক নেতাৰ পুত্ৰই বিলাসী BMW গাড়ীৰে মহতীয়াই নিলে স্কুটাৰ আৰোহী এক দম্পতিক। BMW গাড়ীৰ খুন্দাত নিহত হ’ল স্বামীৰ সৈতে বাইকত আহি থকা কাবেৰী নাখৱা নামৰ ৪৫ ‍বছৰীয়া মহিলাগৰাকী। CCTVত বন্দী সমগ্ৰ ঘটনা।

শিৱসেনাৰ নেতা ৰাজেশ শ্বাহ, তেওঁৰ পুত্ৰসহ ড্ৰাইভাৰ আছিল গাড়ীখনত
স্কুটাৰক খুন্দিয়াই ১০০ মিটাৰ চোঁচৰাই নিলে মৃত্যুদূত BMWএ
মুম্বাইৰ ৱ’ৰ্লিত সংঘটিত এই শোকাবহ ঘটনা
দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন হাইপ্ৰফাইল নেতা, পুত্ৰৰ

এই ঘটনাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৱ’ৰ্লি আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা BMW গাড়ীখন বান্দ্ৰাৰ পৰা জব্দ কৰাৰ লগতে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ড্ৰাইভাৰ ৰাজেন্দ্ৰ সিং বিদাৱত আৰু ৰাজেশ শ্বাহক
মূল অভিযুক্ত ৰাজেশ শ্বাহৰ পুত্ৰ মিহিৰ শ্বাহ পলাতক

ৱ’ৰ্লি আৰক্ষী থানাত দুয়োজনকে সোধা–পোছা কৰি থকা হৈছে। ইফালে ফৰেনছিকৰ দল আৰু আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা BMW গাড়ীখনৰ পৰীক্ষা–নিৰীক্ষা কৰিছে।

দূৰ্ঘটনাৰ পিছতে খুলি পেলোৱা হয় গাড়ীৰ নম্বৰপ্লেট
গাড়ীত থকা দলীয় ষ্ট্ৰিকাৰো ফালি পেলায় মিহিৰ শ্বাহে

অভিযোগ উঠিছে দুৰ্ঘটনা সংঘটিত কৰি প্ৰথমে প্ৰেয়সীৰ ঘৰত আস্ৰয় লয় মিহিৰে। তাৰপিছত সেই স্থানৰ পৰাও পলায়ন কৰে। এই ঘটনাৰ পিছতে একনাথ সিন্দে চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে শিৱসেনা উদ্ধৱ গোটে।

ইফালে, ঘটনাৰে জড়িত কাকো ৰেহাই দিয়া নহ’ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী একনাথ সিন্দেই। সময়ত কৈ দেৰি খোলা ৰখা বাৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীজনে। সুৰাপান কৰি গাড়ী চলোৱাসকল লাইচেন্স বাটিল কৰা হ’ব বুলিও কয় একনাথ সিন্দেই। কিন্তু দলীয় নেতাৰ বিৰুদ্ধে সিন্দে কিমান কঠোৰ হ’ব তাক লৈ সন্দেহ বিৰোধী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...