জনজাতিকৰণ হ’বই লাগিব, ধাৰাবাহিক আন্দোলন ঘোষণা

জনজাতিকৰণৰ দাবীত পুনৰ জাঙুৰ খাই উঠিছে সদৌ অসম কোচ-ৰাজবংশী সন্মিলন। বাৰম্বাৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা নিদিয়াত ক্ষুব্ধ হৈ পৰিছে সংগঠনটো। যাৰ প্ৰতিবাদত প্ৰথমবাৰলৈ অসমৰ বাহিৰত কোচবিহাৰত অনুষ্ঠিত হ’ব দ্বিতীয় কাৰ্যনিৰ্বাহ সভা। ১৭ আৰু ১৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ল’ব আন্দোলন কাৰ্যসূচীৰ সিদ্ধান্ত।

ইতিমধ্যে কোচবিহাৰলৈ যাত্ৰা কৰিছে অসমৰ বিভিন্ন জিলাৰ পৰা সন্মিলনীৰ ডেৰ শতাধিক কৰ্মী। যাত্ৰাপথত সন্মিলনীৰ সভাপতিগৰাকীয়ে চাপৰ পৰিদৰ্শন বাংলাত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়ায়। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সন্মিলনীৰ। চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে এলানি হাতত আন্দোলন লোৱাৰ হুংকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...