কোনো কাৰণতে নদীবান্ধ হ’বলৈ দিয়া নহ’ব : KMSS-SMSS

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ পুনৰ সৰৱ হৈ পৰা দেখা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিক। প্ৰথমে নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিজেপিয়ে শাসনলৈ আহি অসমৰ সম্পদ লুণ্ঠনৰ বাবে নদী বান্ধ বনাইছে এতিয়া। বিশেষজ্ঞ সমিতিয়ে ভূ-কম্পন এলেকাত নদীবান্ধ নিৰ্মাণ কৰিলে ভাঙি যোৱা সম্ভাৱনাৰ কথা কোৱাৰ পিছতো সম্পদ লুণ্ঠন বাবেই নদীবান্ধ নিৰ্মাণ কৰিছে চৰকাৰে আৰু এই নদীবান্ধ কোনো কাৰণতে নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ। অন্যথা সমগ্ৰ অসমতে গঢ়ি তোলা হ’ব নদীবান্ধ বিৰোধী আন্দোলন।

উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত কেন্দ্ৰীয় বিদ্যুৎ মন্ত্ৰী আৰ কে সিঙে কৰিছিল এক মন্তব্য। ইয়াৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। কোনো কাৰণতে নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি সংগঠন দুটাই সংবাদমেলযোগে দিয়ে হুংকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...