গণিয়েই আছে! দুমাহৰ পিছত খোলা দানপাত্ৰৰ পৰা ওলাইছে কোটি কোটি টকা

দুদিন ধৰি গণিয়েই আছে দানপাত্ৰৰ টকা। ওলাইছে কোটি কোটি টকা, সোণ, ৰূপ আদি। ৰাজস্থানৰ মেৱাৰৰ কৃষ্ণধাম শ্ৰীশনৱালিয়া ছেঠ মন্দিৰত খোলা হৈছিল দান পাত্ৰ। সেই দানপাত্ৰটো খোলাৰ দ্বিতীয় দিনা অৰ্থাত্ শনিবাৰে গণনাৰ অন্তত ওলাইছিল ২.৪ কোটি টকা। আন এক বাকচত ওলাইছে ৭৭৫ গ্ৰাম সোণ, ৮ কেজি ১৫০ গ্ৰাম ৰূপ।

আনহাতে, ভাণ্ডাৰৰ পৰা ৪৭০ গ্ৰাম ৯৩০ মিলিগ্ৰাম সোণ আৰু অভিলেখ ভংগৰে ২৯ কিলোগ্ৰাম ২৪৬ গ্ৰাম ৯০০ মিলিগ্ৰাম ৰূপ উদ্ধাৰ হয় বাকচটোত। এতিয়াও চলিছে গণনা।

মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ কানহাইয়া দাস বৈষ্ণৱে জনোৱা মতে ২ মাহৰ পিছত খোলা হৈছিল দানপাত্ৰ। ৰাজভোগৰ আৰতিৰ পিছদিনা আৰম্ভ হৈছিল গণনা। অৱশ্যে কিছু হ্ৰাস পায় গণনা।

শুকুৰবাৰে চতুৰ্দশীৰ দিনা দানপাত্ৰ খোলাৰ পিছত গণনা কৰাত ওলাইছিল ৫.৯৪ কোটি ৮,০০০ টকা। দ্বিতীয় দিনা ২.৪ কোটি টকা ওলায় দানপাত্ৰৰ পৰা। অনলাইন আৰু মানি অৰ্ডাৰৰ পৰা লাভ কৰে ২৩ কোটি টকা। দুয়োটা দিনতে নৈবেদ্য যোগ কৰাৰ অন্তত মুঠ ১০ কোটি ১ লাখ ৮ হাজাৰ টকা লাভ কৰে মন্দিৰ পৰিচালনা সমিতিয়ে।

চানৱাৰা শেঠক এইবাৰ বৃহৎ পৰিমাণৰ ৰূপ প্ৰদান কৰা হৈছিল। কোঠাটোৰ পৰা ৮ কিলোগ্ৰাম ১৫০ গ্ৰাম আৰু ২৯ কিলোগ্ৰাম ২৪৬ গ্ৰাম ৯০০ মিগ্ৰা ৰূপ আহৰণ কৰা হয়। মুঠ ৩৭ কিগ্ৰা ৩৯৬ গ্ৰাম ৯০০ মিলিগ্ৰাম ৰূপ ওলাইছে, যিটো প্ৰথমবাৰৰ বাবে এনে পৰিমাণ পোৱা গৈছে। এতিয়ালৈকে মুঠ ১ কিলোগ্ৰাম ২৫০ গ্ৰাম সোণ লাভ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাউলীৰ হাজীপাৰাত চাঞ্চল্যকৰ ঘটনা; মহিলাৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত কিশোৰ

বৰপেটা জিলাৰ হাউলীৰ হাজীপাৰাত সংঘটিত এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ...

টিংখাঙত অইল সুৰক্ষা কৰ্মীৰ বিশেষ সভা; অধিকাৰৰ দাবীত ঐক্যবদ্ধ সহস্ৰাধিক কৰ্মী

অইল ইণ্ডিয়া লিমিটেড (OIL), অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন...