ভগ্নীৰ সৈতে আচুৰ্য বৰপাত্ৰৰ বিদুৰভাইত নাচিলে কিলি প’লে

সামাজিক মাধ্যমত সক্ৰিয় সকলক কিলি প’লৰ বিষয়ে নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। কিলি প’ল এগৰাকী ২৭ বছৰীয়া যুৱক। আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়াত ঘৰ যুৱকজনৰ। ১৯৯৫ চনৰ ৯ অক্টোবৰত জন্মগ্ৰহণ কৰা যুৱকজনৰ পচন্দ হৈছে জিম বা অনুশীলন কৰা, নৃত্য আৰু অভিনয়। আফ্ৰিকাৰ মাচাই জনজাতিক প্ৰতিনিধিত্ব কৰা যুৱকজনৰ শিক্ষাগত অৰ্হতা মাথোঁ সপ্তম শ্ৰেণীলৈকেহে। কিন্তু নিজৰ প্ৰতিভাৰ বলত কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বৰ কোটি কোটি অনুৰাগীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ভগ্নীৰ সৈতে ঘৰৰ সন্মুখত অথবা গাঁৱৰ পৰিৱেশত জনপ্ৰিয় হিন্দী গীতত অভিনয় আৰু নৃত্য পৰিৱেশন কৰে। টিকটক আৰু ৰিলছৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰা কিলি প’লে ইতিমধ্যে নৃত্য কৰিছে বলীউডৰ বহু জনপ্ৰিয় গীতত। লগতে কিলিয়ে অভিনয় অথবা শ্বেয়াৰ কৰা ডায়লগসমূহ মুহূৰ্ততে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।

কিলি প’লে এইবাৰ অসমীয়া গীতত অভিনয় কৰে। আচুৰ্য বৰপাত্ৰৰ জনপ্ৰিয় বিদুৰভাই গীতত এইবাৰ নৃত্য কৰিলে ভাৰতত অতি জনপ্ৰিয় আফ্ৰিকাৰ যুৱকজনে। ইতিমধ্যে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আৰু প্ৰতিভাৰ বাবে ভাৰতীয় দূতাবাসে সন্মানিতও কৰিছে কিলি প’লক।

লগতে বহু তাৰকাই কিলি প’লৰ প্ৰতিভাক উচ্চ প্ৰশংসিত কৰিছে। এইদৰে ভাৰতৰ পৰা বহুযোজন দূৰত থাকিও ভাৰতৰ সৈতে এক অদৃশ্য সম্পৰ্কৰে বান্ধোনত বান্ধ খাইছে। সমগ্ৰ বিশ্বতে বাৰ্তা বিলাই দিছে ভাৰতীয় সংস্কৃতি, আমাৰ দেশৰ পৰম্পৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...