৪ লাখ টকাত বিক্ৰী হৈছে কিডনী, দালালক দিব লাগে ৫০ হাজাৰ

উজনিত পুনৰ সক্ৰিয় মানৱ অংগ সৰবৰাহকাৰী। এইবাৰো এই চক্ৰটোৰ বলি হৈছে চাহ শ্ৰমিক। ধনৰ লোভ দেখুৱাই সহজ-সৰল চাহ শ্ৰমিকৰ পৰা কাটি লোৱা হৈছে দেহৰ অংগ। আর্থিকভাৱে দুৰ্বল একাংশ চাহ শ্ৰমিকে কেইটামান টকাৰ বিনিময়তে এইদৰে বিক্ৰী কৰি দিছে নিজ অংগ। শ্ৰমিক সকলৰ দৰিদ্ৰতাৰ সুযোগ লৈ একাংশ দালালে চলাই আছে মানৱ দেহৰ এই ৰমৰমীয়া বেহা। এইবাৰৰ স্থান ডিব্ৰুগড়ৰ মোহনবাৰী চাহ বাগিচা। এই বাগিচাৰেই মতি মির্ধা নামৰ এগৰাকী শ্ৰমকে ৪ লাখ টকাৰ বিনিময়ত নিজৰ এটা বৃক্ক বিক্ৰী কৰিছে। মোহনবাৰীৰ নেপালীপট্টিৰ এজন দালালে ৫০ হাজাৰ টকা দালালি লৈ মতি মিৰ্ধাৰ এটা বৃক্ক জনৈক ব্যক্তিক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃক্ক এটা বিক্ৰী কৰি দুমাহ দিন কলিকতাত থাকি নিজ গৃহলৈ ঘূৰি আহিছে। এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে বাগিচাৰ লোকসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই চক্ৰটোৰ সতে জড়িত ব্যক্তি সকলক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...