শীঘ্ৰেই মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিশেষ জাননী যোগে উদ্যান কৰ্তৃপক্ষই জনালে এই কথা। পুনৰ প্ৰাণোচ্ছল হৈ উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দেশী-বিদেশী পৰ্যটকেৰে ভৰিব কাজিৰঙা। পৰ্যটকসকলে উপভোগ কৰিব পাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য। ১ অক্টোবৰৰ পৰা জীপ ছাফাৰী কৰিব পাৰিব পৰ্যটকে। প্ৰথম অৱস্থাত উদ্যানখনৰ ৩টা বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। কহঁৰা বনাঞ্চল, বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি বনাঞ্চল। কহঁৰাৰ কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰী। বাগৰী বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা টাৱাৰলৈ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ হেড কোৱাৰ্টাৰ পৰা ডিফলু এপিচি লৈকে পৰ্যটকে কৰিব পাৰিব ছাফাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে জনাই এই কথা। বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা দলং কিছু ভাঙিছে, গতিকে দলং তথা বাট-পথ সমূহ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে।

পহিলা অক্টোবৰত পুনৰ প্ৰাণৱন্ত হৈ উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দেশী-বিদেশী পৰ্যটকৰ বাবে প্ৰথমে মুকলি কৰা হ’ব জীপ ছাফাৰী। ইতিমধ্যে যাৱতীয় ব্যৱস্থা সমূহ সম্পূৰ্ণৰূপে সাজু কৰিছে উদ্যান কৰ্তৃপক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...