ক্ৰমান্বয়ে যেন অধিক তিক্ততাপূৰ্ণ হৈ উঠিছে অসম–মেঘালয়ৰ সমস্যা

কিছুদিনৰ আগতে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাজত যান–বাহনৰ যাতায়াতৰ ক্ষেত্ৰত চলিছিল দীৰ্ঘদিনীয়া বিবাদ। মেঘালয়ৰ চালক সন্থাই বাধা আৰোপ কৰিছিল অসমৰ গাড়ী মেঘালয়ৰ পৰ্যটনক্ষেত্ৰসমূহত প্ৰৱেশৰ ক্ষেত্ৰত। উভতি আহিবলগীয়া হৈছিল অৱসৰ বিনোদনৰ বাবে যোৱা অসমৰ বহু পৰ্যটক। তাৰ পিছতে ক্ষোভিত হৈছিল অসমৰ চালকসকল। এম এল ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীও অসমত সোমাবলৈ নিদিও বুলি লোৱা হৈছিল পণ। এই বাদ বিবাদ কিছুদিন চলিল। লাহেকৈ শাম কাটিছিল এই অনাহক পৰিস্থিতিৰ। কিন্তু শেহতীয়াকৈ পুনৰ মেঘালয়ত আবদ্ধ অসমৰ পৰ্যটকৰ দল। এইবাৰ মেঘালয় আৰক্ষীয়ে আৱদ্ধ কৰিলে ৪১ জনীয়া দলটোক। শুকুৰবাৰে বোকাখাতৰ পৰা চেৰাপুঞ্জী ভ্ৰমণৰ বাবে গৈছিল দলটো। চেৰাপুঞ্জীৰ পৰা উভতি আহি থাকোঁতে আৰক্ষীয়ে আবদ্ধ কৰে দলটোক। শনিবাৰৰ সন্ধিয়াৰ পৰা দেওবাৰৰ আবেলিলৈকে আৰক্ষীয়ে আবদ্ধ কৰি ৰাখে যাত্ৰীসহ বাছ।

বিপদত পৰে লোকসকল। কিন্তু চালক সন্থাৰ পূৰ্বৰ দাবীৰ পিছতে এইবাৰ মেঘালয়ৰ আৰক্ষীয়ে কিয় আবদ্ধ কৰিলে অসমৰ পৰ্যটকৰ বাহন। উল্লেখ্য যে পৰ্যটকৰ বাছখনৰ পিছৰ অংশ লাগিছিল এখন ফলকত। সেই ঘটনাৰ দোহাই দিয়েই ঘটনাৰ পিছতে শ্বিলঙৰ সমীপৰ মাওলাই আৰক্ষী থানাত আবদ্ধ কৰি ৰখা হয় বাছখন। বিপদত পৰে যাত্ৰীসকল। শংকিত মেঘালয় ফুৰিবলৈ যাম যাম বুলি ভাৱি থকা আন পৰ্যটকো।

আৰু এই ঘটনাৰ পাছতে অসমতো তীব্ৰ প্ৰতিক্ৰিয়াই বিৰাজ কৰে। শীঘ্ৰেই যাত্ৰীসহবাছখন মুকলি কৰি নিদিলে মেঘালয়ৰ বাহনো অসমত নিষিদ্ধ কৰাৰ হুংকাৰ দিয়া হল। যাত্ৰীসকলে সহায় বিচাৰিছে অসম চৰকাৰৰ। অৱশেষত NKTVৰ বাতৰিৰ পিছতে প্ৰভাৱ পৰিল। বাধ্য হৈ এৰি দিয়া হল বাছখন। বিবাদৰ মীমাংসাৰ অন্তত এৰি দিয়া হল বাছখন। কিন্তু বাৰে বাৰে এনে ঘটনাই আৰু অধিক তিক্ততাৰে ভৰাব নেকি দুয়ো ৰাজ্যৰ পুৰণি সম্পৰ্ক। চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...