কভিডৰ হটস্পট নহয় মোৰ ঘৰ, কৰ’ণা পাৰ্টীক লৈ স্পষ্টীকৰণ কৰণ জোহৰৰ

আকৌ এবাৰ সংবাদ শীৰ্ষত জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ। কৰণৰ ঘৰত একেলগ হোৱাৰ পিছতে ৪গৰাকী তাৰকা কভিড পজিটিভ হোৱাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ পিছতে কৰণ জোহৰ আৰু কৰণৰ পৰিয়াল তথা কৰ্মচাৰীসকলে কভিড পৰীক্ষা কৰে আৰু আটাইৰে কভিড টেষ্টত নিগেটিভ পোৱা গৈছে। ইয়াৰ পিছতে বুধবাৰে পুৱা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, য’ত তেওঁ স্পষ্ট কৰে যে দুবাৰকৈ RTPCR পৰীক্ষা কৰাইছে আৰু দুয়োবাৰেই নিগেটিভ পোৱা গৈছে। চলচ্চিত্ৰ নিৰ্মাতাজনে নিজৰ ক্ষোভ উজাৰি কয় যে মোৰ ঘৰটো কভিডৰ হটস্পট নহয়। সকলো প্ৰয়োজনীয় প্ৰটকল মানি চলা হৈছিল।


ইনষ্টাগ্ৰামত লিখিছে-
“মই আৰু মোৰ পৰিয়াল আৰু ঘৰৰ সকলোৱে RTPCR পৰীক্ষা কৰিছো আৰু ঈশ্বৰৰ কৃপাত সকলো নিগেটিভ আহিল! দৰাচলতে নিজকে সুৰক্ষিত আৰু নিগেটিভ হ’বলৈ দুবাৰ পৰীক্ষা কৰিছিলো। আমাৰ চহৰখনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে BMCৰ আটাইতকৈ ডাঙৰ প্ৰয়াসক সঁচাকৈয়ে শলাগ লৈছো… তেওঁলোকক অভিবাদন। একাংশ সংবাদ মাধ্যমক মই স্পষ্ট কৰিব বিচাৰো যে ৮জন লোকৰ অন্তৰংগ সমাৱেশ এটা “পাৰ্টি” নহয়… আৰু মোৰ ঘৰত কঠোৰ প্ৰটকল বজাই ৰাখোঁ। সেয়া নিশ্চিতভাৱে কভিডৰ কোনো “হটস্পট” নহয়। আমি সকলোৱে সকলো সময়তে দায়বদ্ধ আৰু মাস্ক পৰিধান কৰো। কোনেও কভিড মহামাৰীক সাধাৰণভাৱে নল’ব…তথ্যৰ মূল্যাংকন অবিহনে এনে প্ৰতিবেদন প্ৰকাশৰ সময়ত কিছু সংযম অৱলম্বন কৰক।”


উল্লেখ্য যে, ৮ ডিচেম্বৰত কৰণ জোহৰৰ ঘৰত এক নৈশভোজত অংশগ্ৰহণ কৰা কৰীণা কাপুৰ, অমৃতা অৰোৰাসহ ৪গৰাকী তাৰকা কভিড পজিটিভ হোৱাৰ এদিন পিছত নিজৰ বিবৃতি বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৰণ জোহৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পত্নী-কন্যাক ঘৰৰ ভিতৰত সুমুৱাই জ্ব*লাই দিলে ঘৰ

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি ৰূপহীহাটৰ লাওঁখোৱাত। পত্নী-কন্যাক ঘৰৰ ভিতৰত...

ভ্ৰাম্যমান থিয়েটাৰত পুনৰ অঘটন, চমক দিবলৈ গৈ মঞ্চৰ পৰা সৰি পৰিল অভিনেতা–অভিনেত্ৰী

এটাৰ পিছত আন এটা অঘটন ভ্ৰাম্যমান থিয়েটাৰত। এইবাৰ চমক...

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ

মণিপুৰৰ ৰাজনীতিত ব্যাপক চাঞ্চল্য। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন...

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ আগমন লক্ষাধিক লোকৰ

এজন শিল্পী ৰাইজৰ কিমান আপোন হ'ব পাৰে তাৰে প্ৰমাণ...