কভিডৰ হটস্পট নহয় মোৰ ঘৰ, কৰ’ণা পাৰ্টীক লৈ স্পষ্টীকৰণ কৰণ জোহৰৰ

আকৌ এবাৰ সংবাদ শীৰ্ষত জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ। কৰণৰ ঘৰত একেলগ হোৱাৰ পিছতে ৪গৰাকী তাৰকা কভিড পজিটিভ হোৱাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ পিছতে কৰণ জোহৰ আৰু কৰণৰ পৰিয়াল তথা কৰ্মচাৰীসকলে কভিড পৰীক্ষা কৰে আৰু আটাইৰে কভিড টেষ্টত নিগেটিভ পোৱা গৈছে। ইয়াৰ পিছতে বুধবাৰে পুৱা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, য’ত তেওঁ স্পষ্ট কৰে যে দুবাৰকৈ RTPCR পৰীক্ষা কৰাইছে আৰু দুয়োবাৰেই নিগেটিভ পোৱা গৈছে। চলচ্চিত্ৰ নিৰ্মাতাজনে নিজৰ ক্ষোভ উজাৰি কয় যে মোৰ ঘৰটো কভিডৰ হটস্পট নহয়। সকলো প্ৰয়োজনীয় প্ৰটকল মানি চলা হৈছিল।


ইনষ্টাগ্ৰামত লিখিছে-
“মই আৰু মোৰ পৰিয়াল আৰু ঘৰৰ সকলোৱে RTPCR পৰীক্ষা কৰিছো আৰু ঈশ্বৰৰ কৃপাত সকলো নিগেটিভ আহিল! দৰাচলতে নিজকে সুৰক্ষিত আৰু নিগেটিভ হ’বলৈ দুবাৰ পৰীক্ষা কৰিছিলো। আমাৰ চহৰখনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে BMCৰ আটাইতকৈ ডাঙৰ প্ৰয়াসক সঁচাকৈয়ে শলাগ লৈছো… তেওঁলোকক অভিবাদন। একাংশ সংবাদ মাধ্যমক মই স্পষ্ট কৰিব বিচাৰো যে ৮জন লোকৰ অন্তৰংগ সমাৱেশ এটা “পাৰ্টি” নহয়… আৰু মোৰ ঘৰত কঠোৰ প্ৰটকল বজাই ৰাখোঁ। সেয়া নিশ্চিতভাৱে কভিডৰ কোনো “হটস্পট” নহয়। আমি সকলোৱে সকলো সময়তে দায়বদ্ধ আৰু মাস্ক পৰিধান কৰো। কোনেও কভিড মহামাৰীক সাধাৰণভাৱে নল’ব…তথ্যৰ মূল্যাংকন অবিহনে এনে প্ৰতিবেদন প্ৰকাশৰ সময়ত কিছু সংযম অৱলম্বন কৰক।”


উল্লেখ্য যে, ৮ ডিচেম্বৰত কৰণ জোহৰৰ ঘৰত এক নৈশভোজত অংশগ্ৰহণ কৰা কৰীণা কাপুৰ, অমৃতা অৰোৰাসহ ৪গৰাকী তাৰকা কভিড পজিটিভ হোৱাৰ এদিন পিছত নিজৰ বিবৃতি বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৰণ জোহৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...