আজিয়েই কৰি লওক জৰুৰী কাম, কাইলৈৰ পৰা স্তব্ধ হ’ব বেংকৰ কাম-কাজ

0 94

যদি আপোনাৰ বেংক সম্পৰ্কীয় কোনো জৰুৰী কাম আছে, আজিয়েই নিষ্পত্তি কৰক। কাইলৈৰ পৰা দেশজুৰি অচল হব বেংকসমূহ। কিয়নো দুদিনীয়াকৈ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বেংক কৰ্মচাৰীয়ে। ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে ৰূপায়ণ কৰিব ধৰ্মঘটৰ। বেংকসমূহৰ ব্যক্তিগতকৰণৰ বাবে চৰকাৰৰ চলি থকা প্ৰস্তুতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বেংক কৰ্মচাৰীসকল। ইউএফবিইউৰ অধীনত বেংকৰ ৯টা ইউনিয়ন আছে। সকলোৱে একত্ৰিত হৈ ৰূপায়ণ কৰিব ধৰ্মঘট কাৰ্যসূচীৰ।

Leave A Reply

Your email address will not be published.