আজি অযোধ্যালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলে আজি অযোধ্যা ভ্ৰমণ কৰিব। বাৰণসীত অনুষ্ঠিত কাশী বিশ্বনাথ কৰিড’ৰ মুকলি আৰু অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত বিজেপিৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলে পুৱা ১১ বজাত অযোধ্যাত উপস্থিত হ’ব। দলটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন ১২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিহাৰ, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীও আছে। ইয়াৰ উপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে অযোধ্যাত উপস্থিত হ’ব।

উল্লেখ্য যে, ২০১৯ চনত ৰাম জনমভূমি-বাবৰি মছজিদ গোচৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায়ৰ পিছত প্ৰথমবাৰৰ বাবে অযোধ্যা ভ্ৰমণ কৰিব বিজেপিৰ সভাপতি জে পি নাড্ডাই। বিয়লি ২ বজাত নাড্ডা আৰু আন নেতাসকলে হনুমানগৰ্হি মন্দিৰ দৰ্শনৰ পিছত তেওঁলোকে ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...