৩৬ ঘন্টাৰ ভিতৰত কাবুল বিমানকোঠত হ’ব পাৰে আক্ৰমণ!

পুনৰ আত্মঘাতী আক্ৰমণ চলিব কাবুল বিমানকোঠত। তালিবানে ৰাজধানী কাবুলসহ আফগানিস্তান দখল কৰাৰ পিছতে দেশখনৰ বিভিন্ন অঞ্চলত পুনৰ সক্ৰিয় হৈ উঠিছে আইছিছ, লস্কৰ–ই–তৈবা, অল কায়দাকে ধৰি কেবাটাও সন্ত্ৰাসবাদী সংগঠনে। যোৱা বৃহস্পতিবাৰে কাবুল বিমানকোঠত সংঘটিত আত্মঘাতী আক্ৰমণেই এই সংগঠনসমূহৰ উপস্থিতিৰ কথা প্ৰমাণ কৰে। এই আক্ৰমণত বৰ্তমানলৈ ১৩জন মাৰ্কিন নৌ বাহিনীৰ জোৱানকে ধৰি ১৭০জন লোক নিহত হোৱাৰ লগতে দুই শতাধিক লোক আহত হয়। শেহতীয়াকৈ বিমানকোঠত বিভিন্ন দেশৰ নাগৰিকক স্থানান্তৰৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ আক্ৰমণৰ বাবে সন্ত্ৰাসবাদী সংগঠনসমূহ সাজু হোৱা বুলি সকীয়নি দিছে মাৰ্কিন প্ৰশাসনে। ইয়াক লৈ দেশখনত পুনৰ আতংকিত হৈ পৰিছে আন দেশৰ নাগৰিকৰ লগতে আফগান নাগৰিকসকলো।

কাবুলত পুনৰ আক্ৰমণৰ বাবে সাজু সন্ত্ৰাসবাদী
কেবাটাও সংগঠনে সাজু হৈছে আত্মঘাতী আক্ৰমণৰ বাবে
শংকিত আফগান নাগৰিক, শংকিত মাৰ্কিন প্ৰশাসন
এতিয়াও কাবুল বিমানকোঠত ভিৰ হেজাৰ হেজাৰ লোকৰ
কেবাখনো দেশে স্থানান্তিৰত কৰিছে নিজ দেশৰ নাগৰিকসকলক
কাবুল বিমানকোঠ দখল কৰিবলৈ অগ্ৰসৰ তালিবান বাহিনী
বিমানকোঠৰ তিনিওটা প্ৰৱেশ দ্বাৰেই তালিবানৰ নিয়ন্ত্ৰণত

যুদ্ধ বিধ্বস্ত আফগানিস্তানত সাধাৰণ নাগৰিকৰ বাবে এতিয়া পদে পদে শংকা। চৌদিশে সশস্ত্ৰ তালিবানী যোদ্ধাৰ দপদপনি। ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি আৰম্ভ হৈছে কেবাটাও সন্ত্ৰাসবাদী সংগঠনৰ কূটাঘাত। ইতিমধ্যে কাবুল বিমানকোঠত সন্ত্ৰাসবাদী সংগঠন আইছিছ (কে)ৰ ভয়ংকৰ আত্মঘাতী আক্ৰমণত প্ৰাণ হেৰুৱাইছে ১৭০জনতকৈও অধিক নিৰীহ লোকে। প্ৰাণ হেৰুৱাইছে মাৰ্কিন নৌ বাহিনীৰ ১৩জন জোৱানে। কাবুল বিমানকোঠত আত্মঘাতী আক্ৰমণৰ পিছতে এই ঘটনাত জড়িতসকলক বিশ্বৰ যিকোনো ঠাইৰ পৰা বিচাৰি উলিয়াই হত্যা কৰা হ’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে সকীয়াই দিয়াৰ পিছতে পুনৰ সন্ত্ৰাসবাদী আত্মঘাতী আক্ৰমণৰ শংকা ঘণীভূত হৈছে।

৩৬ ঘন্টাৰ ভিতৰত কাবুল বিমানকোঠত হ’ব পাৰে পুনৰ আক্ৰমণ
আত্মঘাতী আক্ৰমণৰ বাবে সাজু হৈছে কেবাটাও সন্ত্ৰাসবাদী সংগঠন
সকীয়নি দিলে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে
মাৰ্কিন নাগৰিকসকলক কাবুল বিমানকোঠমুখী নহ’বলৈ আহ্বান

আফগানিস্তানত প্ৰথমবাৰৰ বাবে সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হোৱা মাৰ্কিন বাহিনীয়ে কাবুল বিমানকোঠ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছিল যদিও সন্ত্ৰাসবাদীৰ ওচৰত মাৰ্কিন সেনাৰ এই ৰণ কৌশল অৰ্থহীন হৈ পৰে। আমেৰিকা আৰু বৃটিছ সেনাৰ কঠোৰ নিৰাপত্তাৰ মাজতে ৩টাকৈ আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰে দুৰ্ধৰ্ষ আইছিছ (কে)ই। তালিবানৰ ৰোষত পৰাৰ ভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ শংকাকো নেওচি আজিও বিমানকোঠত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। ইয়াৰ ভিতৰত আছে কেবা হাজাৰ আফগান নাগৰিকো। সম্প্ৰতি বিমানকোঠত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। এতিয়ালৈকে ১ লক্ষাধিক বিদেশী আৰু আফগান নাগৰিকক দেশৰ পৰা স্থানান্তৰিত কৰা হৈছে। আজিও অব্যাহত আছে এই স্থানান্তৰকৰণ প্ৰক্ৰিয়া। অহা ৩১ আগষ্টৰ পিছত কোনো লোককে দেশ এৰিবলৈ দিয়া নহ’ব বুলি তালিবানে ঘোষণা কৰাৰ পিছত অধিক শংকিত হৈ পৰিছে বিদেশী নাগৰিকসকলৰ লগতে বৃহৎ সংখ্যক আফগান নাগৰিকো। ইপিনে কাবুল বিমানকোঠ সম্পৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সাজু হৈছে তালিবান বাহিনী। বিমানকোঠটোৰ তিনিওখন মূল প্ৰৱেশ দ্বাৰেই প্ৰায় তালিবানৰ নিয়ন্ত্ৰণলৈ যোৱা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে প্ৰকাশ কৰা মতে বিমানকোঠত তেওঁলোকে কোনো হিংসাত্মক কাৰ্য সংঘটিত নকৰি শান্তিপূৰ্ণভাৱে কাবুল বিমানকোঠৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়াৰ চেষ্টা চলাব। তালিবানৰ ভয়াৱহতাৰ মাজতে সন্ত্ৰাসবাদীৰ কূটাঘাটে অধিক শংকিত কৰি তোলা আফগান নাগৰিকসকলে এতিয়া দেশ এৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা মতে অহা ৪ মাহত ৫ লক্ষাধিক আফগান নাগৰিকে দেশ এৰিবলৈ সাজু হৈ আছে। এই লোকসকলৰ ভৱিষ্যত কি হ’ব সেয়াই এই মুহূৰ্তত সমগ্ৰ বিশ্ববাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...