শিলচৰত কংগ্ৰেছ এৰি TMCত যোগদান ৪ শতাধিক কৰ্মীৰ

ক’ভিড প্ৰটকল উলংঘা কৰি শিলচৰত তৃণমূল কংগ্ৰেছৰ বিশাল যোগদান সভা। “খেলা হবে” শ্লোগান দি প্ৰায় চাৰি শতাধিক কংগ্ৰেছ কৰ্মীক তৃণমূল কংগ্ৰেছলৈ আদৰে তৃণমূল নেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেবে৷ সভাখনত পৰিলক্ষিত হোৱা নাছিল কোনো সামাজিক দূৰত্ব, নাছিল কাৰো মুখত মাস্ক। দৃশ্যবোৰ দেখিলে এনে লাগে যেন শিলচৰৰ পৰা ক’ৰনা ভাইৰাছে পলায়ন কৰিছে। মন কৰক এই দৃশ্যলৈ সভাখনত কিদৰে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে।

পিছে, সুস্মিতা দেবে ক’ভিড প্ৰটকল উলংঘা কৰা এই অভিযোগ খণ্ডন কৰি দৃঢ়তাৰে কয়, তেওঁ হেনো সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি যোগদান সভা পাতিছে।

উল্লেখ্য যে, আজি শিলচৰৰ এখন হোটেলত তৃণমূল কংগ্ৰেছৰ যোগদান সভা অনুষ্ঠিত হয়। য’ত প্ৰায় চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূলত যোগদান কৰে। সভাখনত বক্তব্য ৰাখি সুস্মিতা দেবে কয়, কেৱল অসম আৰু ত্ৰিপুৰাতে নহয়, দলৰ ভেটি সুদৃঢ় কৰি আমি বিজেপিক সমগ্ৰ দেশৰ পৰা উৎখাত কৰিম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...