উকীল সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাটৰ ব্যস্ত ৰাজপথ

এইবাৰ সাধাৰণ জনতাৰ হকে ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ’ল ডেৰ শতাধিক অধিবক্তাই। চক্ৰ বিষয়াৰ কাৰ্যালয়, ৰাজহ বিভাগৰ বিৰুদ্ধে একাধিক অভিযোগ অধিবক্তা সমাজৰ। যোৰহাটৰ প্ৰশাসনিক যন্ত্ৰটোৰ ফোপোলা স্বৰূপৰ কথা উল্লেখ কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উকীল সন্থাৰ প্ৰতিবাদী শ্লোগানেৰে কঁপিল ৰাজপথ।

উকীল সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাটৰ ব্যস্ত ৰাজপথ
ডেৰ শতাধিক অধিবক্তাই দিলে ‘হায় হায়’ ধ্বনি
জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি ভিতৰত প্ৰৱেশ প্ৰতিবাদী উকীলৰ

যোৰহাট জিলা প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ উকিল সন্থাৰ। চক্ৰ বিষয়াৰ কাৰ্যালয়, ৰাজহ বিভাগৰ বিৰুদ্ধে একাধিক অভিযোগ অধিবক্তা সমাজৰ। বিভিন্ন দুৰ্নীতি-অনিয়মেৰে হেনো ৰোগাক্ৰান্ত এই সামগ্ৰিক প্ৰশাসন যন্ত্ৰ। সন্থাৰ সভাপতি হেমে বৰাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য-

‘যোৰহাটৰ প্ৰশাসনিক কৰ্মচাৰীয়ে ভালকৈ নাজানে ইংৰাজী!’
‘নাজানে NO OBJECTION মানে কি!’
‘ধূলিৰে ঠাঁহ খাই দিনৰ পিছত দিন পৰি থাকে ফাইল!’

আন এজন অধিবক্তাই কলে কেনেকৈ প্ৰশাসনে সাধাৰণ লোকক কৰে হাৰাশাস্তি। অনলাইন অফলাইন সকলো পদ্ধতিতে চলে লেহেমীয়া গতি। আবাল বৃদ্ধ বনিতাইয়ো কোনো এটা কামৰ বাবে তাতবাতি কাঢ়িব লাগে দিনৰ পিছত দিন। উপায়ন্ত হৈ পৰে সাধাৰণ লোকৰ সমস্যাক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলো। মুঠতে হাৰাশাস্তি কৰে সকলো প্ৰকাৰে। সেয়ে এই সমস্যাৰ সমাধান জৰুৰী বুলি ভাৱি প্ৰতিবাদ উকীল সন্থাৰ। এটা সময়ত আয়ুক্তৰ কাৰ্যালয়ো একপ্ৰকাৰ ঘেৰাও কৰিলে অধিবক্তা সকলে। বিভিন্ন প্ৰতিবাদী শ্লগানেৰে শতাধিক অধিবক্তাই মূল প্ৰৱেশৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ।তাৰ পিছত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদানৰ বাবে কাৰ্যালয়ত প্ৰৱেশ কৰিলে ডেৰ শতাধিক অধিবক্তাই। আৰু দাবী কৰিলে সমস্যাৰ এক দীৰ্ঘম্যাদী সমাধানৰ। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হল, ইমান বেমেজালিৰে এটা প্ৰশাসন যন্ত্ৰ চলিছে কেনেকৈ? যোৰহাটৰ দৰে এখন গুৰুত্বপূৰ্ণ জিলাত অধিবক্তাসকলৰ এই দাবীসমূহে ন্যাযতা পাবনে?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ

প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ চাৰি বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত...

২৪ ফেব্ৰুৱাৰীৰ ঝুমইৰ নৃত্যৰ অনুষ্ঠান বিভিন্ন বাগানত পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা...

চলিত ফেব্ৰুৱাৰী মাহতে ৰাজ্যত দুটাকৈ বৃহৎ অনুষ্ঠান

লোকসেৱা ভৱনত 'এডভান্টেজ আছাম ২.০' আৰু 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ...

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...