উকীল সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাটৰ ব্যস্ত ৰাজপথ

এইবাৰ সাধাৰণ জনতাৰ হকে ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ’ল ডেৰ শতাধিক অধিবক্তাই। চক্ৰ বিষয়াৰ কাৰ্যালয়, ৰাজহ বিভাগৰ বিৰুদ্ধে একাধিক অভিযোগ অধিবক্তা সমাজৰ। যোৰহাটৰ প্ৰশাসনিক যন্ত্ৰটোৰ ফোপোলা স্বৰূপৰ কথা উল্লেখ কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উকীল সন্থাৰ প্ৰতিবাদী শ্লোগানেৰে কঁপিল ৰাজপথ।

উকীল সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাটৰ ব্যস্ত ৰাজপথ
ডেৰ শতাধিক অধিবক্তাই দিলে ‘হায় হায়’ ধ্বনি
জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি ভিতৰত প্ৰৱেশ প্ৰতিবাদী উকীলৰ

যোৰহাট জিলা প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ উকিল সন্থাৰ। চক্ৰ বিষয়াৰ কাৰ্যালয়, ৰাজহ বিভাগৰ বিৰুদ্ধে একাধিক অভিযোগ অধিবক্তা সমাজৰ। বিভিন্ন দুৰ্নীতি-অনিয়মেৰে হেনো ৰোগাক্ৰান্ত এই সামগ্ৰিক প্ৰশাসন যন্ত্ৰ। সন্থাৰ সভাপতি হেমে বৰাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য-

‘যোৰহাটৰ প্ৰশাসনিক কৰ্মচাৰীয়ে ভালকৈ নাজানে ইংৰাজী!’
‘নাজানে NO OBJECTION মানে কি!’
‘ধূলিৰে ঠাঁহ খাই দিনৰ পিছত দিন পৰি থাকে ফাইল!’

আন এজন অধিবক্তাই কলে কেনেকৈ প্ৰশাসনে সাধাৰণ লোকক কৰে হাৰাশাস্তি। অনলাইন অফলাইন সকলো পদ্ধতিতে চলে লেহেমীয়া গতি। আবাল বৃদ্ধ বনিতাইয়ো কোনো এটা কামৰ বাবে তাতবাতি কাঢ়িব লাগে দিনৰ পিছত দিন। উপায়ন্ত হৈ পৰে সাধাৰণ লোকৰ সমস্যাক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলো। মুঠতে হাৰাশাস্তি কৰে সকলো প্ৰকাৰে। সেয়ে এই সমস্যাৰ সমাধান জৰুৰী বুলি ভাৱি প্ৰতিবাদ উকীল সন্থাৰ। এটা সময়ত আয়ুক্তৰ কাৰ্যালয়ো একপ্ৰকাৰ ঘেৰাও কৰিলে অধিবক্তা সকলে। বিভিন্ন প্ৰতিবাদী শ্লগানেৰে শতাধিক অধিবক্তাই মূল প্ৰৱেশৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ।তাৰ পিছত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদানৰ বাবে কাৰ্যালয়ত প্ৰৱেশ কৰিলে ডেৰ শতাধিক অধিবক্তাই। আৰু দাবী কৰিলে সমস্যাৰ এক দীৰ্ঘম্যাদী সমাধানৰ। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হল, ইমান বেমেজালিৰে এটা প্ৰশাসন যন্ত্ৰ চলিছে কেনেকৈ? যোৰহাটৰ দৰে এখন গুৰুত্বপূৰ্ণ জিলাত অধিবক্তাসকলৰ এই দাবীসমূহে ন্যাযতা পাবনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...