ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শপত লোৱালে ছোৰেনক

জল্পনা–কল্পনাৰ অৱসান ঘটাই ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন

ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শপত লোৱালে ছোৰেনক

ঝাৰখণ্ডৰ দ্বাদশজন মুখ্যমন্ত্ৰীৰূপে শপত ললে ৭বাৰৰ বিধায়ক ছোৰেনে

ঝাৰখণ্ডত JMM–কংগ্ৰেছ জোঁট বন্ধনত বিজেপি দলে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি উঠা অভিযোগৰ মাজতে ৰাজ্যখনত নতুন মুখ্যমন্ত্ৰীৰূপে শপত ললে চম্পাই ছোৰেনে।ৰাজ্যপাল চিপি ৰাধাকৃষ্ণনে ৰাজভৱনলৈ ছোৰেনক আমন্ত্ৰণ জনোৱাৰ লগে লগে ৰাজ্যখনত পূৰ্বৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ অন্ত পৰিল। অৱশ্যে বিজেপিয়ে শাসকীয় জোঁটবন্ধনৰ বিধায়কক নিজৰ শিবিৰলৈ নিব পাৰে বুলি সৃষ্ট আশংকাৰ বাবে ইতিমধ্যে ৪৩গৰাকী বিধায়কক লৈ যোৱা হৈছে হায়দৰাবাদৰ এখন ৰিজ’ৰ্টলৈ। হায়দৰাবাদলৈ যোৱা এজন বিধায়কে হায়দৰাবাদী বিৰিয়ানি খাবলৈ তেওঁলোক যোৱা বুলি দিয়া মন্তব্যক লৈ চলিছে চৰ্চা।

শুকুৰবাৰে দুপৰীয়া ৰাজভৱনত চম্পাই ছোৰেনৰ সৈতে শপত গ্রহণ কৰে কংগ্রেছ বিধায়িনী দলৰ নেতা আলমগীৰ আলম আৰু RJD নেতা সত্যানন ভোক্তাই। মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পিছত ৰাজ্যপালে তেওঁক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১০দিনৰ সময় দিছে।

ঝাৰখণ্ডৰ ৰাজনীতিত ‘টাইগাৰ’ বুলি পৰিচিত চম্পাই

হেমন্ত ছোৰেনৰ বিদায়ী মন্ত্ৰীসভাত পৰিবহণ মন্ত্ৰী আছিল চম্পাই

কৃষক পৰিয়ালৰ সন্তান ৰাজনীতিত উত্থান চমকপ্ৰদ

মেট্ৰিক উত্তীৰ্ণ চম্পায়ে শিবু ছোৰেনৰ আহ্বানত যোগ দিছিল ৰাজনীতিত

ঝাৰখণ্ড গঠনৰ আন্দোলনত তেওঁৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা

১৯৯১চনতে প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন।মাজতে পৰাস্ত হলেও ছোৰেন ২০০৫ চনৰ পৰা ৪বাৰ একেৰাহে জয়ী হৈছে ঝাৰখণ্ডৰ চেৰাইকলা সমষ্টিৰ পৰা। ২০১৯চনৰ লোকসভা নিৰ্বাচনত তেওঁ জামছেদপুৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থীৰ হাতত বিপুল ভোটত পৰাস্ত হৈছিল। ইয়াৰ লগে লগে ঝাৰখণ্ডৰ ৰাজনীতিত চম্পাই ছোৰেনৰ প্ৰভাৱ স্তিমিত হৈ পৰিছিল। EDএ গ্রেপ্তাৰ কৰা হেমন্ত ছোৰেনে তেওঁৰ স্থানত পত্নী কল্পনাক মুখ্যমন্ত্ৰী পদত বহুৱাব বিচাৰিছিল যদিও হেমন্তৰ বৌৱেক সীতা ছোৰেনৰ নেতৃত্বত ৪গৰাকী বিধায়কে আপত্তি দৰ্শোৱাত চম্পাই ছোৰেনক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...