প্ৰতিবছৰে ২ ফেব্রুৱাৰীত বিশ্বজুৰি পালিত হয় বিশ্ব জলাশয় দিৱস

মানুহ আৰু পৃথিৱীৰ ভৱিষ্যতৰ বাবে জলাশয়ৰ সংৰক্ষণ অতি আৱশ্যকীয়। এই সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে প্রতিবছৰে ২ ফেব্রুৱাৰীত পালন কৰা হয় বিশ্ব জলাশয় দিৱস। অসমতো এই দিৱস উপলক্ষে পালন কৰা হয় বিশেষ কাৰ্যসূচী।

প্ৰতিবছৰে ২ ফেব্রুৱাৰীত বিশ্বজুৰি পালিত হয় বিশ্ব জলাশয় দিৱস

বিশ্বৰ পৰিৱেশ তন্ত্র ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা আছে জলাশয়ৰ

অৰণ্যতকৈ ৩ গুণ অধিক পৰিমাণে বিশ্বজুৰি হ্রাস জলাশয়ৰ পৰিমাণ

জলাশয় হ’ল ভূমিৰ সেই অংশ য’ত পানী আৰু মাটিৰ মিলন ঘটে। আমাৰ পৰিৱেশ তন্ত্ৰৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ। সময়ৰ লগে লগে মানৱ-নিৰ্মাণৰ ফলত বিভিন্ন পৰিৱেশগত সমস্যাই প্ৰভাৱিত কৰিছে জলাশয়সমূহক। অতিমাত্ৰা জনসংখ্যা আৰু নিৰ্মাণৰ ফলত পৰিৱেশ সংৰক্ষণ হ্ৰাস পাইছে আৰু হ্ৰাস পাইছে জলাশয়সমূহ।

শীতকালত পৰিভ্ৰমী পক্ষীৰ কলৰবৰে সৰৱ হয় জয়সাগৰ দলনি

কলিয়াবৰৰ বৃহৎ আৰ্দ্রভূমি হিচাপে পৰিচিত জয়সাগৰ দলনি

এই দলনিলৈ ক্রমাৎ হ্রাস পৰিভ্রমী পক্ষীৰ সংখ্যা, উদ্বিগ্ন প্রকৃতিপ্ৰেমী

অবাধ বেদখল, প্রদূষিত পৰিৱেশে বিনষ্ট কৰিছে জয়সাগৰ দলনি

আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ চেনেহৰ জী ‘জয়া কুৱঁৰী’ৰ স্মৃতি বিজড়িত কলিয়াবৰৰ এই জয়সাগৰ দলনি। এই দলনি সম্প্ৰতি মুখৰিত হৈ পৰিছে বিলুপ্তপ্ৰায় পৰিভ্ৰমী পক্ষীৰ কলৰবৰে। বিভিন্ন প্ৰজাতিৰ পক্ষী ‘কিকিহাঁহ’, শিলকটৰা, ইণ্ডিয়ান ৰ’লাৰ, পেলিকান আদি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে জয়সাগৰ দলনিৰ এই বৃহৎ আৰ্দ্রভূমিলৈ। প্ৰকৃতিপ্ৰেমীক আকৰ্ষিত কৰে দলনিৰ নৈসৰ্গিক সৌন্দৰ্যই।

বিশ্ব জলাশয় দিৱসৰ মাজতে কলিয়াবৰৰ জয়সাগৰ দলনিত পৰিভ্রমী পক্ষী চাবলৈ আগমন ঘটে বহু পৰ্যটকৰ। উল্লেখ্য যে আজিৰ দিনটোতে ১৯৭১ চনত স্বাক্ষৰিত হৈছিল ৰামচৰ ছাইট চুক্তি। ১৯৮২ চনৰ পৰা ভাৰতো অংশ হৈ পৰে বিশ্বৰ গুৰুত্বপূৰ্ণ জলাশয়সমূহ সংৰক্ষণৰ বাবে স্বাক্ষৰিত এই চুক্তি। ভাৰতৰ ৭৫খন জলাশয় ৰামচৰ ছাইটৰ অন্তৰ্ভুক্ত। আহক মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবেই প্রয়োজনীয় জলাশয়সমূহ সংৰক্ষণ কৰিবলৈ আমিও সংকল্প লওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...