৬৭ বছৰীয়া হ’ল দেশবাসীৰ মৰমৰ অভিনেতা জেকী শ্ৰফ

৬৭ বছৰীয়া হ’ল দেশবাসীৰ মৰমৰ অভিনেতা জেকী শ্ৰফ। অভাৱ-অনাটনৰ মাজেৰে পাৰ হৈছিল জেকী শ্ৰফৰ শৈশৱ-কৈশোৰ। নানা সংঘাটকো নেওচি বলীউডত প্ৰতিষ্ঠিত হৈছিলহি জেকী শ্ৰফ। আজি ৬৭ বছৰীয়া জন্মদিনত এই প্ৰতিবেদনৰ জৰিয়তে জেকী শ্ৰফৰ বিষয়ে জানো আহক কিছু ৰোমাঞ্চকৰ কথা।

১৯৫৭ চনৰ ১ ফেব্ৰুৱাৰীত মুম্বাইৰ ৱাকেশ্বৰত জন্মগ্ৰহণ কৰিছিল জেকী শ্ৰফে
জেকী শ্ৰফৰ প্ৰকৃত নাম জয়কিষণ কাকুভাই শ্ৰফ
এতিয়ালৈকে প্ৰায় ২৫০ খন ছবিত অভিনয় কৰিছে জেকী শ্ৰফে

ছবিৰ কাহিনীতকৈ কোনোগুণে কম নহয় জেকী শ্ৰফৰ জীৱন কাহিনী। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জনপ্ৰিয় অভিনেতাজনে। দুখীয়া হৈয়ো বিপদত আনক সহায় কৰি ভাল পাইছিল জেকী শ্ৰফে। ওচৰ চুবুৰীয়াৰ বিপদৰ বন্ধু আছিল জেকী শ্ৰফ। সেয়ে চুবুৰীয়াই জগ্গু দাদা বুলি সম্বোধন কৰিছিল জেকী শ্ৰফক। টকাৰ অভাৱত একাদশ শ্ৰেণীৰ পাছত পঢ়া এৰি চাকৰি বিচাৰি মুম্বাইলৈ আহিছিল জেকী শ্ৰফ। ৰন্ধা-বঢ়াত চখ থকা জেকী শ্ৰফে ৰান্ধনী হিচাপে চাকৰি বিচাৰিছ মুম্বাইৰ তাজ হোটেলত। কিন্তু তাজ হোটেলত চাকৰি পাবলৈ সক্ষম হোৱা নাছিল জেকী শ্ৰফ। এদিন চাকৰিৰ সন্ধানতে বাচ ষ্টেণ্ডত ঠিয় হৈ থাকোতেই ভাগ্যোদয় হৈছিল জেকী শ্ৰফৰ। জেকী শ্ৰফৰ উচ্চতা দেখি বাচ ষ্টেণ্ডতে তেওঁক মডেলিঙৰ অফাৰ দিছিল এজন অচিনাক্তই। সেয়া আছিল জেকী শ্ৰফৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ১৯৭৩ চনত ‘হীৰা পান্না’ছবিখনত অভিনয়েৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল জেকীয়ে। তাৰ পাছতেই ‘স্বামী দাদা’নামৰ আন এখন ছবিত অভিনয় কৰিছিল জেকীয়ে। কিন্তু দুয়োখন ছবিয়েই বিফল হৈছিল বক্স অফিচত। পৰৱৰ্তী সময়ত সুভাস ঘাইৰ’হিৰো’ছবিখনত অভিনয়েৰে বলীউডৰ ছুপাৰষ্টাৰ ৰূপে পৰিগণিত হৈছিল জেকী শ্ৰফ। ‘তেৰী মেহেৰবানিয়া’, ‘কৰ্ম’, ‘ৰাম লখান’, ‘পৰিন্দা’ আদি কেইবাখনো সফল ছবিত অভিনয়ৰ পাছত শ্ৰেষ্ঠ অভিনেতাৰ ‘ফিল্ম ফেয়াৰ বঁটা’ও লাভ কৰিছিল জেকী শ্ৰফে।

পিতৃৰ উপজা দিনত সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে টাইগাৰ শ্ৰফে

নিজৰ ইণষ্টাগ্ৰাম ষ্টৰীত এখন পুৰণি আলোচনীৰ কভাৰ পিকচাৰ পষ্ট কৰি দেউতাকলৈ জন্মদিনৰ শুভেচ্ছা জনাইছে টাইগাৰে

ফটোখনত নিজৰ দুই সন্তানৰ সৈতে দেখা গৈছে জেকী শ্ৰফক। নব্বৈ দশকত মহিলা অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অভিনতাসকলৰ অন্যতম আছিল জেকী শ্ৰফ।

২০২৩ ত মুক্তিলাভ কৰা Mast Mein Rehne Ka ছবিখনত নীনা গুপ্তাৰ বিপৰীতে অভিনয় কৰিছে জেকী শ্ৰফে। অভিনয়ৰে অগণন দৰ্শকৰ হৃদয়ত ঘৰ সজা জেকী শ্ৰফলৈ আমিও জনাইছোঁ জন্মদিনৰ অলেখ শুভকামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...