জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলক আগষ্ট মাহৰ ভিতৰত অনাদায় ধন মুকলি কৰি দিয়াৰ আশ্বাস মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ

আজি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱাক। সাক্ষাৎকালত ঠিকাদাৰসকলৰ বিল আদায়কে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাকালত মন্ত্ৰীজনে অহা আগষ্ট মাহৰ ভিতৰত অনাদায় ধন মুকলি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে অহা ২০ জুনত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই। কিন্তু এই সাক্ষাতৰ পিছতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আশ্বাস পূৰ্ণ বক্তব্যখিনিক সন্মান জনাই অহা আগষ্ট মাহলৈ কোনো ধৰণৰ কাৰ্যসূচী হাতত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...