‘অনসূনী চিঁখে’লৈ এইবাৰ শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটা

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচ্চিত্র জগতখনত বিশেষভাৱে চৰ্চিত হোৱা ড° পাৰ্থ সাৰথি মহন্তৰ অসমীয়া চুটি ছবি “অনসূনী চিঁখে” এইবাৰ “শ্রেষ্ঠ এছিয়ান চুটি ছবি’ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। কালি চেন্নাইত সামৰণি পৰা “কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ’ত ছবিখনে এই বঁটা লাভ কৰে।

ড° মহন্তৰ এটি কবিতাৰ আধাৰত নিৰ্মিত ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্ৰত্যাহ্বানেৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱন-যাত্রাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, তাৰ প্ৰকৃত ছবিখন ইয়াত প্রতিফলিত হৈছে। উল্লেখযোগ্য যে ড° পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্রাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে জয়পুৰ চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকতাত অনুষ্ঠিত ইনডিপেন্ডেন্ট চলচিত্র মহোৎসৱত ইতিমধ্যে “শ্রেষ্ঠ চুটি ছবি”ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি, ছবিখন কান চলচ্চিত্র মহোৎসৱৰ “মার্চে ডু ফিল্ম” (অনলাইন শাখা)ত প্রদর্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...