জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলক আগষ্ট মাহৰ ভিতৰত অনাদায় ধন মুকলি কৰি দিয়াৰ আশ্বাস মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ

আজি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱাক। সাক্ষাৎকালত ঠিকাদাৰসকলৰ বিল আদায়কে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাকালত মন্ত্ৰীজনে অহা আগষ্ট মাহৰ ভিতৰত অনাদায় ধন মুকলি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে অহা ২০ জুনত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই। কিন্তু এই সাক্ষাতৰ পিছতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আশ্বাস পূৰ্ণ বক্তব্যখিনিক সন্মান জনাই অহা আগষ্ট মাহলৈ কোনো ধৰণৰ কাৰ্যসূচী হাতত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...