বাঢ়িছে কয়দী, সেয়ে চৰকাৰে ভাড়াত বিচাৰিছে কাৰাগাৰ। ক’ত?

কাৰাগাৰত কয়দীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে, শেহতীয়াকৈ ভাড়াত কাৰাগাৰ বিচাৰি আছে ডেনমাৰ্কে। এই ক্ষেত্ৰত দেশখনে কছোভোৰ সৈতে চুক্তিবদ্ধ হৈছে, যাৰ অধীনত ভাড়াত দিয়া হ’ব ৩০০ কাৰাগাৰ কোষ। ডেনমাৰ্কে ৫ বছৰৰ প্ৰাৰম্ভিক সময়ৰ বাবে প্ৰতি বছৰে ১৫ নিযুত ইউৰো (প্ৰায় ১,২৮,১৭,২০,০০০ টকা) পৰিশোধ কৰিব আৰু লগতে কছোভোক সেউজ শক্তিৰ বাবে পুঁজি সংগ্ৰহত কৰিব সহায়।

প্ৰকাশিত তথ্য অনুসৰি ডেনমাৰ্কৰ পৰা বিতাড়িত অপৰাধীসকলক এই ভাড়াৰ কাৰাগাৰত ৰখা হ’ব আৰু তেওঁলোকৰ বাবে প্ৰযোজ্য হ’ব ডেনমাৰ্কৰ আইন। কছোভোৰ কাৰাগাৰত বৰ্তমান আছে ৭০০ৰ পৰা ৮০০টা কোঠা, যিবোৰ ব্যৱহাৰ কৰা হোৱা নাই। গতিকে বৰ্তমানে এই কোঠাবোৰ ডেনমার্কক ভাড়াত দি বছৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব। এক বিবৃতি মতে দুয়োখন চৰকাৰে সোমবাৰে এটা ‘ৰাজনৈতিক ঘোষণা’ত স্বাক্ষৰ কৰিছে যাৰ অধীনত কাৰাগাৰসমূহ দিয়া হৈছে ভাড়াত।

কছোভোৱে ২০২৩ চনৰ পৰা ৰাজধানী প্ৰিষ্টিনাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত জিজিলানত অৱস্থিত কাৰাগাৰসমূহ ভাড়া দিয়াৰ পৰা আগন্তুক ১০ বছৰত লাভ কৰিব পাৰে মুঠ ২১০ নিযুত ইউৰো। ডেনমাৰ্কৰ ন্যায় মন্ত্ৰী নিক হেকেৰুপে এক বিবৃতিত কয় যে, “এই চুক্তিয়ে আমাৰ কাৰাগাৰ আৰু ইয়াৰ বিষয়াসকলৰ বোজা হ্ৰাস কৰিব। একে সময়তে ই নিৰ্বাসিত দণ্ডিত তৃতীয় দেশৰ নাগৰিকসকললৈ এক স্পষ্ট সংকেত প্ৰেৰণ কৰে যে আপোনাৰ ভৱিষ্যত ডেনমাৰ্কত নাই।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...