আপুনি জানেনে কঁঠালৰ গুটি খালে দূৰ হয় চকু আৰু ছালৰ সমস্যা!

বতৰৰ ফল বতৰত খোৱা হয়। গৰমৰ দিন অহাৰ লগে লগে আকৌ আহিল কঁঠালৰ বতৰ। অসমৰ পৰিৱেশত সহজভাবে হোৱা এবিধ ফলমূল হৈছে কঁঠাল। কঁঠাল খোৱাৰ পিছত গুটিসমূহো আমি বিভিন্নধৰণে খাওঁ। কিন্তু আপুনি জানি আচৰিত হ’ব, কঁঠালত আছে কিছুমান আচৰিত পুষ্টিগুণ। কঁঠাল গুটি প্ৰটিনসমৃদ্ধ। কঁঠালৰ গুটিত পোৱা যায় আইৰন। ভিটামিন এ আৰু ভিটামিন চি পোৱা যায় কঁঠালৰ গুটিত। ই সুস্বাদু হোৱা হেতুকে বিবিধ ব্যঞ্জনতো ব্যৱহাৰ কৰা হয়। কঁঠাল গুটি চকু আৰু ছালৰ সমস্যা সমাধানতো যথেষ্ট সহায়ক। এনিমিয়াৰ সমস্যা সমাধানৰ বাবেও যথেষ্ট উপকাৰী কঁঠালৰ গুটি। হজম শক্তি বৃদ্ধিতো সহায় কৰে কঁঠালৰ গুটিয়ে। মাংসপেশীৰ গঠনৰ ক্ষেত্ৰতো উপকাৰী। ইয়াৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোঝ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰে কঁঠালৰ গুটিয়ে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...