কাজিৰঙাৰ একা বেঁকা ৩৭ নং ৰাষ্ট্ৰীয় পথত এতিয়া নান্দনিকতাৰ পোহাৰ

প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ লতিকাত সেউজ আৱৰণ আহিল বসন্তৰ আগমনৰ লগে লগে ৷ সেউজ বসন্তক আদৰণি জনোৱা ব’হাগৰ সেউজীয়া ৰূপত ৰহণ চৰাই এতিয়া নানান ৰঙৰ সমাহাৰ ঘটিছে গছ বিৰিখত৷ কাজিৰঙাৰ একা বেঁকা ৩৭ নং ৰাষ্ট্ৰীয় পথত এতিয়া নান্দনিকতাৰ পোহাৰ।

যেন কোনো নিপুণ চিত্ৰকৰৰ তুলিকাৰ চলমান ছবি এখন
যেন কোনো চিনেমাত চিত্ৰায়িত নিখুঁত এটা ফ্ৰেম
চালে ৰ’ লগা অলৰ-অচৰ সৌন্দৰ্য
মনোমুগ্ধকৰ, মায়াময়

এডাল দীঘলীয়া অজগৰৰ দৰে পৰি থকা ডাঠ ক’লা পথটোৰ পাৰে পাৰে অগণন ভেম লগা এজাৰ। হালধীয়া হাঁহি মাৰি হালিছে জালিছে সোণাৰু। এফোঁটা সেন্দুৰ হেন ৰঙা পিন্ধি থিয় দিছে কৃষ্ণচূড়া। লাহি ৰাধাচূড়াৰ ইলাহি মেল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যদি আপুনি কাজিৰঙা পাৰ হৈছে তেন্তে আপোনাৰ বাবেই এই অপূৰ্ব ৰঙৰ সমাহাৰ। প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ লতিকাত সেউজ আভৰণ আহিল বসন্তৰ আগমনৰ লগে লগে ৷ সেউজ বসন্তক আদৰণি জনোৱা বহাগৰ সেউজীয়া ৰূপত ৰহন চৰাই এতিয়া নানান ৰঙৰ সমাহাৰ ঘটিছে গছ বিৰিখত ৷গছ বিৰিখত ৰঙৰ সমাহাৰে অনন্য ৰূপত সজাই তুলিছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ইপাৰ সিপাৰ৷ বেঙুনীয়াৰ লগত সোনাৰুৰ হালধীয়া খিনিয়ে সৃষ্টি কৰিছে অপৰূপ সৌন্দৰ্যৰ ৷ কেৱল ইমানেই নহয় সেউজীয়াৰ সমাহাৰেৰে আৱৃত ৰাজপথত বিৰিঙিছে কৃষ্ণচূড়াৰ তেজ ৰঙীণ হাহিঁ,ডাল ভৰি ফুলিছে ৰাধাচূড়া ৷ বাৰেৰঙীণ ফুলেৰে উজ্বলতাৰে জিলিকি জাতিস্কাৰ সকলো৷ কাজিৰঙাৰ এই মোহনীয় পৰিৱেশে যিদৰে মাতিছে পৰ্যটকক, এই সৌন্দৰ্যৰ বাবে দাঁতিকাষৰীয়া ৰাইজো সমানে গৰ্বিত।

এতিয়া এজাৰ ফুলাৰ বতৰ। বেজাৰ লগাবলৈ নহয়, মনৰ ডাৱৰ আঁতৰাবলৈকে যেন এতিয়া গছ ভৰি ফুলি উঠিছে এজাৰৰ হেজাৰ পাঁহি। এজাৰৰ ৰঙেৰে বেঙুনীয়া হৈ পৰিছে আকাশ। ফুলিছে সোণাৰুও। বাৰিষা আৰম্ভণিৰ সেমেকা পৰিৱেশতো জিলিকিছে সোণাৰু পাহি। ইফালে বসন্তৰ পৰশ লাগি আকাশ ৰঙাই চৌদিশে ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়াৰ ফুল। কাজিৰঙাৰ গঁড় হৰিণৰ মনোমোহা দৃশ্যাৱলীৰ ওচৰে পাজৰেই এই অপৰূপ অনাবিল সৌন্দৰ্য। এবাৰ কাজিৰঙা যাবলৈ, এবাৰ কাজিৰঙা চাবলৈ, কাজিৰঙাৰ আবেদন বুকুৱে বুকুৱে ব’বলৈ যথেষ্ট নহয়নে এই প্ৰতিবেদন?

এয়া বৰণ সলোৱা প্ৰকৃতিৰ অকৃত্ৰিম ৰং
সেউজীয়াৰ মাজে মাজে হৰেক বৰণ
অনুপম– অনুপম…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...