কাবুল বোমা বিস্ফোৰণ : ISISয়ে প্ৰকাশ কৰিলে আত্মঘাতী বোমাৰুৰ ফটো

কাবুল বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০৩লৈ বৃদ্ধি। আহত প্ৰায় ১৪৩জন। কালি বিমানবন্দৰৰ আবে গেটৰ সন্মুখত প্ৰথম আত্মঘাতী বিস্ফোৰণ সংঘটিত হোৱাৰ অলপ পিছতে বেৰন হোটেলৰ সন্মুখত আন এটা বিস্ফোৰণ সংঘটিত হৈছিল। কেইঘণ্টামানৰ পিছত, আৰু দুটা বিস্ফোৰণৰ খবৰ পোৱা গৈছিল। আৰু থিতাতে ৭২জন লোকৰ মৃত্যু হৈছিল। প্ৰতিবেদন অনুসৰি, তৃতীয়টো বিস্ফোৰণ সংঘটিত হৈছিল যেতিয়া তালিবানৰ এখন বাহনে এটা আইইডি বিস্ফোৰকত খুন্দা মাৰিছিল। দূধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISISয়ে ইতিমধ্যে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। লগতে প্ৰকাশ কৰিছে আত্মঘাতী বোমাৰুজনৰ ফটো। ইফালে, তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ঘটনাটোক তীব্ৰ গৰিহণা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...