কাবুল বোমা বিস্ফোৰণ : ISISয়ে প্ৰকাশ কৰিলে আত্মঘাতী বোমাৰুৰ ফটো

কাবুল বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০৩লৈ বৃদ্ধি। আহত প্ৰায় ১৪৩জন। কালি বিমানবন্দৰৰ আবে গেটৰ সন্মুখত প্ৰথম আত্মঘাতী বিস্ফোৰণ সংঘটিত হোৱাৰ অলপ পিছতে বেৰন হোটেলৰ সন্মুখত আন এটা বিস্ফোৰণ সংঘটিত হৈছিল। কেইঘণ্টামানৰ পিছত, আৰু দুটা বিস্ফোৰণৰ খবৰ পোৱা গৈছিল। আৰু থিতাতে ৭২জন লোকৰ মৃত্যু হৈছিল। প্ৰতিবেদন অনুসৰি, তৃতীয়টো বিস্ফোৰণ সংঘটিত হৈছিল যেতিয়া তালিবানৰ এখন বাহনে এটা আইইডি বিস্ফোৰকত খুন্দা মাৰিছিল। দূধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISISয়ে ইতিমধ্যে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। লগতে প্ৰকাশ কৰিছে আত্মঘাতী বোমাৰুজনৰ ফটো। ইফালে, তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ঘটনাটোক তীব্ৰ গৰিহণা দিছে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...