ভাঙি পেলোৱা হৈছে ২২৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ নতুন ভৱনৰ আন্তঃগাঁঠনিত বেমেজালি। পুনৰ নতুন ৰূপ দিয়া হ’ব অসম বিধানসভাৰ নতুন ভৱনক। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশত ভাঙি পেলোৱা হৈছে নতুন ভৱনটো। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ফেব্ৰুৱাৰী মাহত এদিনৰ বাবে নতুন ভৱনত হৈছিল সদনৰ কাম-কাজ। ডিচেম্বৰৰ পৰা বিধানসভাৰ নতুন ভৱনত সদন পৰিচালিত হোৱাৰ আশা কৰা হৈছিল। ২২৮কোটি টকা ব্যয় সাপেক্ষে কলিকতাৰ চিমপ্লেক্স নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছিল বিধানসভাৰ নতুন ভৱনটো। আসন সমূহ সঠিকভাৱে নোহোৱাত তথা সুবিধাজনকভাৱে নিৰ্মাণ নকৰাৰ বাবে ভাঙিবলগীয়া হৈছে নতুন ভৱনটো। ২০০৯ চনতে কাম আৰম্ভ কৰিছিল কোম্পানীটোৱে। জানিব পৰা অনুসৰি পুনৰ হ’ব নিবিদা প্ৰক্ৰিয়া, ২০৩ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হ’ব ভৱনটো। দেশৰ বিভিন্ন প্ৰান্তৰ কোম্পানীয়ে অংশ ল’ব পাৰিব নিবিদা প্ৰক্ৰিয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...