নন্দিতাক আকৌ হত্যা নকৰিব!

৪ দিন মৃত্যুৰে যুঁজি হাৰ মানিলে ঢকুৱাখনাৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াই। যোৱা ২১ আগষ্টত স্নাতক পঞ্চম ষান্মাসিকৰ পৰীক্ষা দি ঘৰলৈ উভতিবলৈ লওতেই নিষ্ঠুৰ ঘাতকৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰীগৰাকী। চিকিৎসা চলিল…কিন্তু নন্দিতা আৰু ঘূৰি নাহিল। মেট্ৰিকত ষ্টাৰ নম্বৰলৈ উত্তীৰ্ণ হৈছিল নন্দিতা। নন্দিতাৰ মৃত্যুত বাকৰুদ্ধ সকলো। ধেমাজিৰ মৰিধল কলেজৰ লাইব্ৰেৰী সহায়ক ৰিণ্টু শৰ্মাৰ আক্ৰমণে কাঢ়ি লৈ গ’ল মেধাৱী ছাত্ৰীগৰাকীৰ জীৱন। সকলোৰে দাবী ফাষ্ট ট্ৰেক আদালতত বিচাৰ হওক ৰিণ্টু শৰ্মাৰ।

কিন্তু, ইয়াৰ মাজতো দেখা গৈছে একাংশৰ নিকৃষ্ট মানসিকতা। ছাত্ৰী গৰাকীৰ মৃত্যুৰ খবৰেও যেন চুব পৰা নাই তেওঁলোকক। খুচৰি-খুচৰি উলিওৱা হৈছে ছাত্ৰী গৰাকী স্বভাৱ-চৰিত্ৰ, সম্পৰ্কৰ খতিয়ান। জীৱিত অৱস্থাতেই মৃত্যু হোৱা বুলি ঘোষণা কৰা সেইচাম তথাকথিত ভদ্ৰলোকৰ কাম-কাজে দুৰ্ভগীয়া পৰিয়ালটিক মনোকষ্ট নিদিব নে? এগৰাকী মৃত ব্যক্তিকলৈ এনে মানসিকতা কিয়? কাৰ কি লাভ হ’ব এনেধৰণৰ সমালোচনাৰ পৰা? বৰ্তমান সময়ত মূৰ ঘমাবলগীয়া বিষয় বহু আছে… যিবোৰ বিষয়ত যদি এই উদ্যমে জনমত গঠন কৰিবলৈ প্ৰয়াস কৰা হয়, তেন্তে আপোনাৰ লগতে দহৰো উপকাৰ হ’ব। ছ’চিয়েল মিডিয়াত মতামত প্ৰকাশ কৰাৰ অধিকাৰকণ পালে বুলিয়েই হকে-বিহকে কিছুমান অপ্ৰয়োজনীয় কথা লিখাটো কিমান যুক্তিসংগত, এবাৰ ভাবি চাওক। এইখিনি সময়ত আলোচনাত স্থান পাব লাগিছিল- দোষীক কঠোৰ শাস্তি প্ৰদান কৰা বিষয়টো। কিন্তু, এই বিষয়টোক আওকাণ কৰি আমি গুৰুত্ব দিছো অলাগতিয়াল কিছুমান কথাত… পুনৰ ক’ব খুজিছোঁ – নন্দিতাক আকৌ হত্যা নকৰিব!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...