বাংলাদেশত ৰোহিংগ্যা : পাকিস্তানৰ ষড়যন্ত্ৰ

✒️অচিন্ত্য শৰ্মা

ভাৰতৰ পূব সীমান্তৰেও ইছলামিক সন্ত্ৰাসবাদীৰ সহায়ত নিজৰ ছায়াযুদ্ধ ব্যাপকভাবে চলাবলৈ তত্পৰ হৈ উঠিছে চিৰশক্তি পাকিস্তান। ইয়াৰ বাবে ইতিমধ্যে পূৰ্ণশক্তিৰে বাংলাদেশৰ কস্কবাজাৰত নামি পৰিছে কুখ্যাত পাকিস্তানী চুৰাংচোৱা সংস্থা আই এছ আই। আৰু আই এছ আই এই শেহতীয়া ভাৰত বিৰোধী অভিযানৰ মূল হাথিয়াৰ হৈ উঠিছে কস্কবাজাৰৰ শিবিৰসমূহত আশ্ৰয় লৈ থকা লক্ষাধিক ৰোহিংগ্যা শৰনাৰ্থী। লক্ষণীয়ভাবে নিজৰ কৃতকৰ্মৰ বাবে ২০১৭ চনত ম্যানমাৰৰ পৰা বিতাড়িত হোৱা ৰোহিংগ্যা শৰনৰ্থীসকলৰ মাজত আছে ছালভেশ্যন আৰ্মি আৰু অন্যান্য ৰোহিংগ্যা সন্ত্ৰাসবাদী সংগঠনৰ বহু সদস্য। এই ৰোহিংগ্যা সন্ত্ৰাসবাদী আৰু অন্য ৰোহিংগ্যা যুৱকক লৈ বাংলাদেশৰ মাটিত আন এক শক্তিশালী ভাৰতবিৰোধী ইছলামিক সন্ত্ৰাসবাদী সংগঠন গঢ়ি তোলাৰ কাম-কাজ আৰম্ভ কৰিছে পাকিস্তান তথা আইএছআইয়ে।

ইতিমধ্যে বাংলাদেশৰ মাটিত একাধিক ভাৰত বিৰোধী ইছলামিক সন্ত্ৰাসবাদী সংগঠনে জন্ম লাভ কৰি নিজৰ তত্পৰতা অব্যাহত ৰাখিছে। তেনে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বহু কেইটাই লাভ কৰি আছে পাকিস্তান তথা আইএছআইৰ প্ৰতক্ষ পৰোক্ষ সহায়। ইয়াৰ পিছত এতিয়া আইএছআই ব্যস্ত হৈ উঠিছে বাংলাদেশত থকা ৰোহিংগ্যাকলৈ নতুন তথা শক্তিশালী ইছলামিক সন্ত্ৰাসবাদীৰ দল গঠন কৰি পূব সীমান্তৰেও ভাৰতৰ বিৰুদ্ধে ছায়াযুদ্ধ ব্যাপক কৰি তোলাৰ। পশ্ছিম সীমান্তত কাশ্মীৰ খণ্ডৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰি পাকিস্তানে দশক দশক ধৰি অব্যাহত ৰাখিছে ভাৰতবিৰোধী ছায়াযুদ্ধ। সেয়ে ভাৰতীয় সমৰ বিশেষজ্ঞসকলে ইছলামিক সন্ত্ৰাসবাদৰবিৰোধী যুদ্ধখনৰ নাম দিছে হাফ ফ্ৰণ্ট ৱাৰ। পিছে পূৱ সীমান্তত আইএছআই ৰোহিংগ্যাকেন্দ্ৰিক তত্পৰতাই সেই হাফ ফ্ৰণ্ট ৱাৰকেই এতিয়া টু ফ্ৰণ্ট ৱাৰলৈ পৰ্যবসিত কৰাৰ দুৰ্ভাৱনা সৃষ্টি কৰিছে। বাংলাদেশৰ লগতে বিগত দিনবোৰত বহু সংখ্যক ৰোহিংগ্যাই অনুপ্ৰৱেশ কৰি ঘাটি পাতিছে ভৰততো। এউ ৰোহিংগ্যা কলনীসমূহ এতিয়া বিভিন্নধৰণৰ অপৰাধ আৰু ৰোহিংগ্যা সন্ত্ৰাসবাদীৰ বাবে এক উৰ্বৰ ভূমি ইতিমধ্যে তৈয়াৰ হৈছে। হয়তো এনে পৰিবেশেও পাতিস্তানক উত্সাহিত কৰিছে বাংলাদেশত ৰোহিংগ্যাৰ সন্ত্ৰাসবাদী দল গঠন কৰিবলৈ। ভাৰত-পাকিস্তান সীমান্ততকৈ বহুগুণে দুৰ্বল ভাৰত-বাংলাদেশে সীমান্তৰ পতিৰক্ষা ব্যৱস্থা। সীমান্তৰ দুৰ্বল অৱস্থাৰ সুযোগ লৈ লাখ লাখ বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰি অসমৰ জনগাঁথনিকেই সলনি কৰি পেলাইছে। এনে পেক্ষাপটত বাংলাদেশৰ মাটিত ৰোহিংগ্যা সন্ত্ৰাসবাদীৰ দল গঠন হ’লে তেনে সন্ত্ৰাসবাদীয়ে যে সীমান্তৰ অসম বা পশ্ছিমবংগ খণ্ডৰে অতি সহজে ভাৰত সোমাই কূটাঘাত সংঘটিত কৰিব পাৰিব সেয়া নিশ্চিত। এতিয়া লক্ষ্যনীয় হ’ব আগবাঢ়ি অহা এই বিপদ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে। যদিহে ভাৰতে সময় থাকোতেই এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে অদূৰ ভবিষ্যতে ভাৰতত ৰোহিংগ্যা সন্ত্ৰাসবাদে যে নিয়ন্ত্ৰণহীন ৰূপ ল’ব তাত কোনো সন্দেহ নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...