মোদীৰ মুঠিত ভাগৱত : বিজেপিৰ নিয়ন্ত্ৰণত সংঘ!

✒️অচিন্ত্য শৰ্মা

বিজেপিৰ দুখনকৈ শক্তিশালী কেন্দ্ৰীয় সমিতি, কেন্দ্ৰীয় সংসদীয় সমিতি আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহান অপসাৰিত হোৱা ঘটনাই বহুতৰে চিন্তাত আউল লগাইছে যদিও এই ঘটনাই আকৌ এবাৰ তুলি ধৰিছে বিজেপি আৰ এছ এছৰ পৰিবৰ্তিত সম্পৰ্কৰ স্বৰূপ। দৰাচলতে আৰএছএছৰ অৰ্ধ শতাধিক ভাতৃ আৰু ভগ্নীমূলক সংগঠনৰ ভিতৰৰে এটা সাধাৰণ সংগঠন হিচাপে বিজেপি সদায় আৰএছএছৰ প্ৰভাৱাধীন হৈ আহিছিল যদিও সংঘৰ শতাব্দী জোৰা বিজেপিৰ প্ৰায় অৰ্ধশতাব্দীজোৰা ইতিসাহ এইবাৰ প্ৰথমবাৰৰ বাবে মোদীৰসৌজন্যত ওলোটাই আৰএছএছহে বিজেপিৰ প্ৰভাৱাধীন হৌ পৰাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। গেৰুৱা শিবিৰৰ ঘনিষ্ঠ সূত্ৰই সদৰি কৰা মতে দেশৰ মুছলমান সম্প্ৰদায়ৰ প্ৰতি মোদীৰ দৃষ্টিভংগী নীতি আৰু স্থিতি সলনিৰ লগে লগে আৰএছএছৰো সলনি হবলৈ লৈছে মুছলীম নীতি আৰু দৃষ্টিহংগী।

মোদীয়ে পূৰ্বৰ কংগ্ৰেছৰ নিছিনাকৈয়ে তুষ্টিকৰণ নীতি লোৱাৰ পিছত মোহন ভাগৱতেও দিৱলৈ লৈছে মুছলমানক বাদ দি হিন্দুত্ব অৰ্থহীন, ভাৰতীয় হিন্দু আৰু ভাৰতীয় মুছলমানৰ ডিএনএ একে আদি মন্তব্যবোৰ। তদুপৰি ভাগৱতৰ মুখত শুনা গৈছে প্ৰতিতো মছজিদত কিয় শিৱলিংগ বিচাৰিব লাগে ধৰণৰ প্ৰশ্নও। ইতিমধ্যে আৰএছএছৰ অন্যতম গুৰুত্বপূৰ্ণ ভাতৃমূলক সংগঠন বিশ্ব হিন্দু পৰিষদৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে কঠোৰ হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাডিয়াক। মোদীৰ ইচ্ছা, নিৰ্দেশ আৰু ষড়যন্ত্ৰতেই এই অপসাৰণ কাণ্ড সংঘটিত হোৱা বুলিও নিৰন্তৰ অভিযোগ উত্থাপিত হৈ আছে। আৰু বুধবাৰে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি আৰু নিৰ্বাচন সমিতিৰ পৰা অপসাৰণ কৰা হ’ল আৰএছএছ ব্লু আইড বয়জ বয়জ নীতিন গাডকাৰী আৰু শিবৰাজ আৰু সিং চৌহানক। এই অপসাৰনে শেষ পৰ্যন্ত এটা কথাই উদঙাই দিলে যে আৰএছএছে এতিয়া কাক ভাল পাব আৰু কাক নাপাব। সেয়াও ঠিক কৰি দিব মোদীয়েহে; আৰু মোদীৰ ইচ্ছা বা নিৰ্বাচন অনুসৰিহে আৰএছএছে কোনো বিজেপিৰ নেতাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াব।

তাত্পৰ্যপৰ্ণভাবে, নিতীন গাডকাৰী আৰু শিবৰাজ সিং চৌহানৰ সংঘৰ ইমানেই ঘনিষ্ঠ তথা পৃষ্ঠপোষকতা প্ৰাপ্ত যে এসময়ত আৰএছএছৰ বলেৰে বলীয়ান হৈ গাডকাৰী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলিও ধাৰণাৰ সৃষ্টি হৈছিল। আনকি এনে ধাৰণাৰ বশবৰ্তী হৈ গাডকাৰীয়ে নিজে ও ঘনিষ্ঠ সম্পৰ্ক অটুট ৰাখিছিল মোদীৰ অন্যতম ৰাজনৈতিক শত্ৰু সঞ্জয় যোশীৰ সৈতে। পিছে বুধবাৰৰ ঘটনাক্ৰমে সকলো ওলট-পালট কৰি দিলে। এটা কথা স্পষ্ট কৰি দিলে যে নৰেন্দ্ৰ মোদী আজিৰ দিনত চৰকাৰ বা দলৰেই নহয়, সমগ্ৰ সংঘ পৰিবাৰৰেই ডিফেক্টো সৰ্বাধিনায়ক। হয়তো তেওঁৰ এই একনায়কত্ব অটুট থাকিব পৰবৰ্তী আৰু কেইবাটাও বছৰলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...