এবাৰ অপহৰণ, ১৭বাৰ হত্যাৰ অপচেষ্টা…চিনেমাৰ দৰে এক কাহিনী

0 39

আশীষ কোনো চিনেমাৰ তাৰকা নহয়। নহয় কোনো ক্ষমতাশালী ব্যক্তি। তথাপি আশীষ যেন দেশৰ বহুতৰ বাবে আছিল ত্ৰাণকৰ্তা। হাজাৰজনৰ সু-চিকিত্সা নিশ্চিত কৰিছ্ল আশীষে। মধ্য প্ৰদেশৰ এটি নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা আশীষৰ পিতৃ চৰকাৰী বিদ্যালয়ৰ শিক্ষক আছিল আৰু মাতৃ এগৰাকী সু-গৃহিণী আছিল।

২০০৯ চনৰ কথা… আশীষ তেতিয়া দূৰন্ত তৰুণ… BCA সম্পন্ন কৰি তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়াৰ সপোন দেখিছিল আশীষে। RSSৰ সৈতেও জড়িত আছিল আশীষ। ২০০৯ চনত তেওঁৰ মাতৃৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছিল। আৰু মাকৰ চিকিৎসা কৰিবলৈ ব্যৱস্থা কৰি থকাৰ সময়ত তেওঁ লক্ষ্য কৰিছিল যে মাকৰ চিকিৎসা কৰা চিকিৎসকসকল যোগ্য নহয় আৰু তেওঁলোকৰ গাফিলতি তেওঁৰ মাকৰ চিকিৎসাৰ পৰা স্পষ্ট হৈ পৰিছিল। ২০১০ চনত চিকিৎসকসকলৰ অদক্ষতাৰ বাবে তেওঁৰ মাতৃক হেৰুৱাব লগা হৈছিল।

আশীষে নিজৰ ক্ষমতাত অনুসন্ধান আৰম্ভ কৰিলে আৰু বিষয়টোৰ ওপৰত বিতংভাৱে গৱেষণা কৰিলে, যাৰ ফলত তেওঁ গম পালে যে এনেকুৱা ভুৱা চিকিৎসকৰ এটা বিশাল Nexus আছে যিসকলে মধ্যপ্ৰদেশৰ বিভিন্ন চিকিৎসালয় আৰু ক্লিনিকত ৰোগীৰ চিকিৎসা কৰি আছে।

ইয়াৰ পিছতে আশীষে মধ্যপ্ৰদেশত আঘাত হানিব পৰা আটাইতকৈ ডাঙৰ কেলেংকাৰীটো প্ৰকাশ কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়। সেয়াই VYAPAM কেলেংকাৰী!

আমি এতিয়া ঘূৰি যাব লাগিব ২০১১ চনলৈ, আশীষে চিকিৎসক, ৰাজনীতিবিদ, আমোলাতন্ত্ৰৰ ছত্ৰছায়াত চলি থকা এই কেলেংকাৰী পোহৰলৈ আনিলে। ষ্টিং অপাৰেচনৰ ভিত্তিত ২০১১ চনত আশীষে এই কেলেংকাৰী সন্দৰ্ভত প্ৰথমখন এজাহাৰ দাখিল কৰিছিল।

তাৰ পিছত আশীষে ব্যাপম কেলেংকাৰীৰ প্ৰধান সাক্ষী হৈ পৰিল। ই ন্যায়ৰ বাবে যুঁজ আৰু নিজৰ জীৱনৰ বাবে যুঁজত পৰিণত হৈছিল যেতিয়া তেওঁক হত্যাৰ কেইবাটাও অপচেষ্টা আৰম্ভ হৈছিল, আৰম্ভণিতে ২০১২ চনত ব্যাপম কেলেংকাৰীৰ বাবে ডিগ্ৰীৰ ঋণী চিকিৎসকসকলৰ নেক্সাছৰ দ্বাৰা আশীষক প্ৰথমবাৰৰ বাবে অপহৰণ কৰা হৈছিল। ২০১২ চনত সংবাদ মাধ্যমে আশীষৰ কাহিনী আৰু কেলেংকাৰীৰ বিষয়ে ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে।

২০১৩ চনত মধ্য প্ৰদেশত MBBSৰ বাবে ব্যাপম প্ৰৱেশ পৰীক্ষাৰ পূৰ্বে PMTৰ প্ৰশ্ন কাকতখন লিক হোৱাৰ বিষয়ে আশীষে চৰকাৰক আগতীয়াকৈ অৱগত কৰিছিল। যাৰ ফলত চৰকাৰে ব্যৱস্থা ল’বলৈ বাধ্য হ’ল। ইয়াৰ পিছত আশীষৰ বাবে আদালতে নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। যিহেতু আশীষে চাইকেলহে চলায়, সেয়েহে তেওঁক যোগান ধৰা নিৰাপত্তাৰক্ষীসকলেও তেওঁৰ পিছে পিছে চাইকেল চলাই যাব লগা হৈছিল আৰু কেতিয়াবা আনকি নিৰাপত্তাৰক্ষীৰ লগত একেলগে চাইকেলত উঠিও যাব লগা হৈছিল।

২০১৪ চনলৈকে আশীষৰ ওপৰত মুঠ ১২টা হত্যাৰ চেষ্টা কৰা হৈছিল যাৰ পৰা তেওঁ পলায়ন কৰিবলৈ সক্ষম হৈছিল। তেওঁক দিয়া নিৰাপত্তা কেতিয়াবা তেওঁৰ বাবে ভাবুকিলৈ পৰিণত হৈছিল কাৰণ আনকি তেওঁলোকেও বিভিন্ন পক্ষৰ হেঁচাত তেওঁক সুৰক্ষা দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা নাছিল। নিৰাপত্তাৰক্ষীয়ে তেওঁৰ প্ৰতিটো খোজৰ চিত্ৰগ্ৰহণ কৰিছিল, ইমানেই নহয়, এটা সময়ত এজন দোকানীয়ে তেওঁক বিস্কুটৰ পেকেট এটাও বিক্ৰী কৰা নাছিল এই ভাবি যে যদি আন কোনোবাই আশীষক হত্যা কৰে, তেন্তে আশীষৰ বিষাক্ত বিস্কুট বিক্ৰী কৰাৰ বাবে তেওঁক হয়তো দোষাৰোপ কৰিব।

২০১৫ চনলৈকে তেওঁ জীৱনৰ ওপৰত মুঠ ১৭বাৰ ভাবুকি অহাৰ বাবে তেওঁ বহি থাকিব লগাত পৰিছিল যিহেতু আন আন সাক্ষী সকলক অহৰহ হত্যা কৰা হৈছিল, আৰু এতিয়ালৈকে ৭০ জনতকৈ অধিক লোকক হত্যা কৰা হৈছে, যিসকল কোনোবা নহয় কোনোবা প্ৰকাৰে ব্যাপম কেলেংকাৰীৰ সৈতে জড়িত আছিল। তেতিয়াও তেওঁ মিছাকৈ চিকিৎসক বুলি কোৱা অদক্ষ লোকৰ দ্বাৰা প্ৰভাৱিত হোৱা আৰু হ’বলগীয়া হাজাৰ হাজাৰ জীৱন ৰক্ষাৰ বাবে ন্যায়ৰ যুঁজখন এৰি নিদিলে।

অৱশেষত ২০১৫ চনৰ জুলাই মাহত এই গোচৰটো ভাৰতৰ উচ্চতম ন্যায়ালয়ে ন্যায্য তদন্তৰ আশাত চিবিআইৰ হাতত অৰ্পণ কৰে। এই কেলেংকাৰীত এতিয়ালৈকে বহু ডাঙৰ মানুহৰ নাম উল্লেখ কৰা হৈছে যদিও এতিয়ালৈকে ডাঙৰ দোষী সাব্যস্ত হোৱা নাই।

আশীষে আনকি এতিয়াও আদালতত এই গোচৰৰ ন্যায় বিচাৰি যুঁজ দি আছে আৰু শেহতীয়াকৈ তেওঁক কিছুদিন কাৰাগাৰত ভৰাই থোৱা হৈছিল, কিন্তু পিছত মুকলি কৰি দিয়া হৈছিল। আশীষক অহৰহ হেঁচা প্ৰয়োগ কৰি আহিছে বহু বিষয়া, ৰাজনীতিবিদ, চিকিৎসক, আৰু কেলেংকাৰীৰ সৈতে জড়িত বহু লোকে।

Leave A Reply

Your email address will not be published.