ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ

ইজৰাইলৰ বিৰুদ্ধে ক’ত কেনেদৰে আক্ৰমণ চলোৱা হ’ব তাৰ পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছে ইৰাণী সেনাই। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়ুতোল্লা আলী খামেনীৰ নিৰ্দেশক্ৰমে ইজৰাইল আক্ৰমণৰ বাবে সাজু হৈছে ইৰাণী সেনা। ইয়াৰ সমান্তৰালভাৱে ইজৰাইলেও ইৰাণৰ বিৰুদ্ধে চলি থকা আক্ৰমণ অধিক তীব্ৰতৰ কৰি তোলাৰ সকীয়নি দিছে। আমেৰিকাৰ সহযোগত ইৰাণৰ লগতে হেজবোল্লা আৰু হামাছৰ বিৰুদ্ধেও ভয়াৱহ আক্ৰমণৰ বাবে ইজৰাইলে ভাবুকি দিয়াৰ পিছত মধ্য প্ৰাচ্যৰ লগতে পশ্চিম এছিয়াৰ আকাশ ছানি ধৰিলে যুদ্ধৰ ক’লা ডাৱৰে।

শীঘ্ৰে ইজৰাইল আক্ৰমণ কৰিবলৈ সাজু ইৰাণ
আক্ৰমণৰ বাবে সাজু হৈছে ইৰাণী সেনা
আলী খামেনীৰ নিৰ্দেশত ইজৰাইল আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত
ক’ত, কেনেদৰে আক্ৰমণ কৰিব ইৰাণী সেনাই?

যোৱা কেইবাদিন ধৰি ইৰাণৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰখা ইজৰাইলক এইবাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণী সেনা। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলী খামেনীৰ নিৰ্দেশক্ৰমে প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈছে ইৰাণী সেনা। শীঘ্ৰে ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণৰ বাবে ইৰাণী সেনা সাজু হৈছে যদিও কেতিয়া আৰু ক’ত কেনেদৰে আক্ৰমণ চলাব সেই সম্পৰ্কে কোনো ইংগিত দিয়া নাই ইৰাণে। পূৰ্বতকৈ এই আক্ৰমণ অধিক ভয়াৱহ হ’ব বুলি ইৰাণী সেনাই প্ৰকাশ কৰিছে। যোৱা শনিবাৰে ইৰাণৰ ৰাজধানী তেহৰাণসহ দেশখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ইজৰাইলে আক্ৰমণ চলোৱাৰ পিছত ইৰাণে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ লগে লগে পশ্চিম এছিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ এই আক্ৰমণ পূৰ্বতকৈ অধিক ভয়াৱহ হ’ব বুলি ইংগিত দিছে ইৰাণী সেনাৰ শীৰ্ষ বিষয়াসকলে। ইজৰাইল আক্ৰমণৰ পিছতে আলী খামেনীয়ে সকীয়াই দিছিল যে এই আক্ৰমণৰ ঘটনাক ইৰাণে সহজভাৱে গ্ৰহণ নকৰে আৰু ইজৰাইলতকৈও ভয়াৱহ আক্ৰমণ চলাবলৈ সাজু হৈছে ইৰাণী সেনা। ইজৰাইলী চোৰাংচোৱাই প্ৰকাশ কৰা মতে, ইৰাকৰ ভূখণ্ডৰ পৰা ইজৰাইলত আক্ৰমণৰ বাবে সাজু হৈছে তেহৰাণ। ইপিনে ইৰাণৰ এই আক্ৰমণৰ পৰিকল্পনাৰ মাজতে হেজবোল্লা বাহিনীয়ে ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰিছে। শুকুৰবাৰে লেবাননৰ পৰা উত্তৰ ইজৰাইলৰ বিভিন্ন অঞ্চলত ৰকেট আক্ৰমণ চলাই হেজবোল্লাই। এই আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হয় আন বহু লোক। লেবাননৰ ৰাজধানী বেইৰুটৰ বিভিন্ন অঞ্চলত ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ। আমেৰিকাৰ অস্ত্ৰ সাহায্যত ইজৰাইলী বাহিনীয়ে বেইৰুটসহ লেবাননৰ বহু অঞ্চলত থকা হেজবোল্লা বাহিনীৰ ঘাটি আৰু দেশখনৰ আন আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে। ইৰাণক এশিকনি দিবলৈ ইজৰাইলী বায়ু সেনাই যোৱা ২৬ অক্টোবৰত ইৰাণত প্ৰৱেশ কৰি আক্ৰমণ চলোৱাৰ লগতে ইমানতে ক্ষান্ত হ’বলৈ ইৰাণক সকীয়াই দিয়ে। ইজৰাইলৰ লগতে আমেৰিকায়ো ইৰাণক সকীয়াই দি কয় যে কোনো কাৰণতে ইজৰাইলৰ ভূমিত ইৰাণৰ আক্ৰমণক সহ্য কৰা নহ’ব। ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও ইজৰাইলৰ হকে ইৰাণক সকীয়াই দিয়ে আমেৰিকাই। ইপিনে, হেজবোল্লাৰ লগতে গাজাতো হামাছৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী বাহিনীয়ে। শনিবাৰে গাজাৰ বিভিন্ন অঞ্চলত ইজৰাইলী বাহিনীয়ে চলোৱা আক্ৰমণত ৪৫টা শিশুকে ধৰি কমেও ৮৫জন পেলেষ্টাইনী নাগৰিক নিহত হয়।

Popular

More like this
Related

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত। এগৰাকী মহিলাৰ পাছতে...

অগ্নিকাণ্ডত ৬৬জন লোকৰ মৃত্যু: ১১ মহলাৰ পৰা ৰছীৰে নামি প্ৰাণ বচোৱাৰ চেষ্টা

তুৰস্কত শোকাৱহ ঘটনা সংঘটিত হৈছে। বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত...

ছিউলত কোৰিয়া গণ্যৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, স্টার্ট আপ মন্ত্রী ইয়ংজুক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 'এডভান্টেজ...

গণৰাজ্য দিৱসৰ পেৰেড : দেখা নাযাব অসমৰ প্ৰতীক পট

গণৰাজ্য দিৱসৰ অনুষ্ঠানত এইবাৰো দেখা নাযাব অসমৰ প্ৰতীক পট।...