আনুষ্ঠানিকভাবে উদ্বোধন ৰূপালী জয়ন্তী বৰ্ষৰ আন্তর্জাতিক লিঅ’ এক্সপ’

বর্ণাঢ্য অনুষ্ঠানত সীমা বিশ্বাস, ৱাছবীৰ হুছেইনক লিঅ’ এক্সপ’ সন্মান ২০২৪ প্রদান

দীপাৱলীৰ আলোকেৰে আলোকিত হৈ আৰম্ভ হৈছে এক বিশেষ শ্বপিং ফেষ্টিভেল লিঅ’ এক্সপ’২০২৪। অহা ১৮ নৱেম্বৰলৈ মণিৰাম দেৱান ট্রেড্ চেন্টাৰত অনুষ্ঠিত হৈছে ইন্টাৰনেছনেল লিঅ’ এক্সপ’ ২০২৪। লিঅ’ এক্সপ’ৰ ৰূপালী জয়ন্তী উপলক্ষে এক ব্যতিক্রমী প্রয়াসেবে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই বৰ্ষৰমেলাখন। আয়োজক লিঅ এডভার্টাইজিঙে সীমাহীন উদ্যম আৰু আগ্রহেৰে এই বর্ষটি উদযাপন কৰিবলৈ লৈছে।

চলিতবৰ্ষৰ লিঅ’ এক্সপ’ শনিবাৰে আনুষ্ঠানিকভাবে বন্তি প্রজ্বলন কৰি উদ্বোধন কৰে ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত তথা প্রাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই। এই উপলক্ষে আয়োজিত অনুষ্ঠানতে লিঅ’ এক্সপ’ সন্মান, ২০২৪ প্রদান কৰা হয়। এইবছৰৰ লিঅ’ এক্সপ’ শিল্পী সন্মান, ২০২৪ প্রদান কৰা হয় বলিউডৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক। আনহাতে লিঅ’ এক্সপ’ সাংবাদিক সন্মান, ২০২৪ প্ৰদান কৰা হয় ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক বাছবীৰ হুছেইনক। মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই দুয়োগৰাকী প্রসিদ্ধ ব্যক্তিক এই সন্মান প্রদান কৰে। লিঅ’ এক্সপ’ সন্মানৰ নিৰ্বাচিত জুৰি সমিতিৰ অধ্যক্ষ তথা বিশিষ্ট অভিনেত্রী মলয়া গোস্বামীৰ লগতে সমিতিৰ আন সদস্যসকল ক্রমে বিশিষ্ট শিল্পী মনীষা হাজৰিকা, জ্যেষ্ঠ সাংবাদিকদ্বয় প্রণয় বৰদলৈ আৰু প্রশান্ত ৰাজগুৰুৱেও এই বঁটা প্রদান অনুষ্ঠানত সহযোগ কৰে। অনুষ্ঠানত আটাইকেইগৰাকী ব্যক্তিয়ে সীমা বিশ্বাস আৰু বাছবীৰ হুছেইনে অসমৰ সমাজজীৱনলৈ আগবঢ়োৱা অৰিহণাৰ শলাগ লোৱাৰ লগতে দুয়োগৰাকী ব্যাক্তিৰ কৰ্মজীৱনক উচ্চ প্রশংসা কৰে। অনুষ্ঠানত লিঅ’ এডভাটাইজিঙৰ অন্যতম স্বত্বাধিকাৰীদ্বয় পাৰভেজ খান আৰু আকবৰ খান উপস্থিত আছিল।

উল্লেখ্য যে ৰূপালী জয়ন্তবৰ্ষৰ লিঅ’ এক্সপ’ত ইৰাণ, আফগানিস্তান, থাইলেণ্ড, বাংলাদেশ, তুৰস্ক, সংযুক্ত আৰৱ গণৰাজ্য আদি বিদেশী ৰাষ্ট্ৰৰ প্রতিষ্ঠানে অংশগ্রহণ কৰিছে। দেশী বিদেশী লোভনীয় সামগ্রী, কেইবাটাও বিশেষ আৰু আকর্ষণীয় ৰূপত তৈয়াৰী চেলফি জান, পানীৰ ফোৱাৰা, ফার্নিচাৰৰ পৰা আদি কৰি নিত্য ব্যৱহাৰ্য সামগ্রী একেখন মজিয়াতে পোৱাৰ ব্যৱস্থা, বিভিন্ন জুতি লগা খাদ্য, মনোমোহা আলোক সজ্জা আদিয়ে লিঅ’ এক্সপ’ক এক ব্যতিক্রমী মাত্ৰা প্ৰদান কৰিছে। অন্যহাতে সামাজিক দায়বদ্ধতাৰ স্বকীয়তা ৰক্ষা কৰি এইবাৰো লিঅ’ এডভাটাইজিঙে আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতা। তিনিটা শাখাত হ’বলগীয়া চিত্রাংকন প্রতিযোগিতা খনৰ ‘ক’ শাখা প্রথম শ্ৰেণীৰ পৰা তৃতীয় শ্রেণীলৈ, ‘খ’ শাখা চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্রেণীলৈ আৰু ‘গ’ শাখা সপ্তম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ। তিনিওটা শাখাৰে প্ৰথম পুৰস্কাৰ নগদ ১৫,০০০ (পোন্ধৰ হাজাৰ) টকা আৰু মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ নগদ ১০,০০০(দহ হাজাৰ) টকা আৰু মানপত্ৰ আৰু তৃতীয় পুৰস্কাৰ নগদ ৫,০০০ (পাঁচ হাজাৰ) টকা আৰু মানপত্ৰ। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ ৯৯৫৭৮০১৪২৩/৭৭৬৪০৮৭২০২।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...